‘পাক সমৰ্থক’ পোষ্টৰ বাবে অসমত ১১ জনক আটক, প্ৰয়োজন হ’লে NSA ৰ অধীনত ৰুজু হ’ব গোচৰ : মুখ্য়মন্ত্ৰী
ভাৰত বিৰোধী মন্তব্যৰ বাবে শুকুৰবাৰে এটা সংগঠনৰ এজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনে স্থিতি লোৱা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে মুখ্য়মন্ত্ৰীয়ে । লগতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, প্ৰয়োজন হ’লে আমি তেওঁলোকৰ ওপৰত এন এছ এৰ অধীনত গোচৰ ৰুজু কৰা হ’ব ।

দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । একে সময়তে সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে ভাৰতে । কিন্তু ইয়াৰ মাজতে পহলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য তথা সন্ত্ৰাসবাদৰ পক্ষক প্ৰতিফলিত কৰা মন্তব্য প্ৰকাশ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে, জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তান সমৰ্থক বুলি অভিযোগ উত্থাপন হোৱা আৰু তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগে লগে সামাজিক মাধ্য়মত পহলগামত সংঘটিত হোৱাৰ ঘটনাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ ৰাজ্যখনত আটক কৰা অভিযুক্তৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে। লগতে তেওঁ কয় যে, প্ৰয়োজন হ’লে এই লোকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়,”ভাৰত আৰু পাকিস্তানৰ মাজত কোনো সাদৃশ্য নাই, দুয়োখন দেশ শত্ৰু ৰাষ্ট্ৰ আৰু আমি তেনেকৈয়ে থাকিব লাগিব।”
“ভাৰত বিৰোধী মন্তব্য”ৰ বাবে শুকুৰবাৰে এটা সংগঠনৰ এজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনে স্থিতি লোৱা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে মুখ্য়মন্ত্ৰীয়ে । লগতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, “প্ৰয়োজন হ’লে আমি তেওঁলোকৰ ওপৰত এন এছ এৰ অধীনত গোচৰ ৰুজু কৰা হ’ব । আমি সকলো ছ’চিয়েল মিডিয়া পোষ্ট পৰীক্ষা কৰি আছো আৰু যিসকলক আমি অনুভৱ কৰোঁ যে ৰাষ্ট্ৰবিৰোধী তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”