টকাৰ খঁক! চাকৰিৰ ছবছৰতে আয়তকৈ ৪১৬.২৬ শতাংশ অধিক সম্পত্তিৰ গৰাকী কেনেকৈ হৈছিল নূপুৰ বৰা?
নূপুৰৰ ছন্দ আজি বেসুৰা সুৰীয়া হ'ল। দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি নূপুৰ বৰাৰ কথা কৈছোঁ। কিদৰে গো-গ্ৰাসে ঘোচৰ টকা গিলিছিল এইগৰাকী ৰাজপত্ৰিত বিষয়াই। নূপুৰৰ ঘৰত টকাৰ পাহাৰ দেখি হতচকিত তদন্তকাৰী বিষয়াও। কেনেকৈ ঘোচৰ বেহা পাতিছিল নূপুৰ বৰাই? সবিশেষ জানক-

নূপুৰৰ দুৰ্নীতিৰ দস্তাবেজ
‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা’, ২০১৬ চনত ৰাজ্যত চৰকাৰ গঠন কৰাৰ সময়ত এয়া আছিল বিজেপিৰ অন্যতম এক মন্ত্ৰ। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে বহু ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক ইতিমধ্যেই ধৰা পেলোৱাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু তাৰ মাজতো বহু বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই ঘোচ লোৱাৰ এখন বজাৰ চলাই আহিছিল। সোমবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে নূপুৰ বৰা নামৰ এগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই কথা স্পষ্ট হৈ পৰিছে।
ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰাৰ ঘৰত সোমবাৰে চি এম ভিজিলেঞ্চে অভিযান চলায়। গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ গোটানগৰস্থিত ছাইন শান্তি গ্ৰীণো এপাৰ্টমেণ্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত চলে এই অভিযান। তদন্তৰ সময়ত চি এম ভিজিলেঞ্চে জব্দ কৰে ৮১,৮৩,২০০ টকাৰ লগতে প্ৰায় ২ কোটি টকাৰ সোণৰ আ-অলংকাৰ।
ইফালে নূপুৰ বৰাৰ বৰপেটাৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১০,৬৭,২০০ টকা। দুয়োটা বাসগৃহৰ পৰা সৰ্বমুঠ ৯২,৫০,৮০০ টকা জব্দ কৰা বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই। বৰপেটাৰ ঘৰটো অৱশ্যে তেওঁৰ ভাৰাঘাৰ। ধন গণনা কৰিবলৈ মেচিনৰ সহায় ল’বলগীয়া হয় তদন্তকাৰী দলে। এগৰাকী ৰাজপত্ৰিত বিষয়াৰ গৃহৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন আৰু অলংকাৰ জব্দ কৰা ঘটনাই সকলোৰে চকু কপালত তুলিছে।
জানিব পৰা মতে, ২০১৯ চনত চাকৰিত যোগদান কৰিছিল নূপুৰ বৰাই। কাৰ্বি আংলঙত সহকাৰী জিলা আয়ুক্ত হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে সংঘটিত এক অনিয়মৰ অভিযোগত নূপুৰ বৰাৰ বিৰুদ্ধে অভিযান চলায় চি এম ভিজিলেঞ্চে। দীৰ্ঘদিন ধৰি বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল আয়বৰ্হিভূত সম্পত্তি আহৰণৰ অভিযোগ।
নূপুৰ বৰাৰ প্ৰথম কৰ্মক্ষেত্ৰ আছিল কাৰ্বি আংলং। তাৰ পাছত তেওঁ বৰপেটাত আৰু শেহতীয়াকৈ গৰৈমাৰীত ৰাজহচক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক পত্ৰত ফাদিল হৈছিল নূপুৰ বৰাই ৰাইজৰ কামৰ বাবে বান্ধি দিয়া নিৰ্দিষ্ট ৰেটৰ এখন তালিকা। ভাগে ভাগে কামৰ বাবদ ৭ হাজাৰৰ পৰা ২ লাখ টকা পৰ্যন্ত নিৰিখ নিৰ্ধাৰণ কৰি ৰাখিছিল এইগৰাকী ৰাজপত্ৰিত বিষয়াই।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰকাশ কৰা এক তথ্য মতে নূপুৰ বৰাই নিৰ্ধাৰণ কৰা নিৰিখ এনেধৰণৰ-
- চিঠাৰ নামজাৰি- ৩০ৰ পৰা ৪০ হাজাৰ টকা
- উত্তৰাধিকাৰীৰ নামজাৰি- ৭ৰ পৰা ১০ হাজাৰ টকা
- মাটি বেচা-কিনাৰ অনুমতি- ১৫ৰ পৰা ৪০ হাজাৰ টকা
- অট’মিউটেচন- ৭ৰ পৰা ১৫ হাজাৰ টকা
- ওৱাৰিছ সূত্ৰে নামজাৰি- ৩০ৰ পৰা ৪০ হাজাৰ টকা
- বাটোৱাৰী- ১৫ৰ পৰা ২০ হাজাৰ টকা
- ম্যাদীকৰণ- ২০ৰ পৰা ২৫ হাজাৰ টকা
- নাম কৰ্তন বা নাম বাহাল- ১.৫ লাখৰ পৰা ২ লাখ টকা
- মাটিৰ কালি সংশোধন- ৭০ হাজাৰৰ পৰা ১ লাখ টকা
- নাম শুধৰণি- ২০ৰ পৰা ৩০ হাজাৰ টকা
চৰকাৰী দৰমহাৰে পেট নভৰা নূপুৰ বৰাই গো-গ্ৰাসে গিলিছিল ঘোচৰ ধন। এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কয়, নূপুৰ বৰাৰ ক্ষেত্ৰতো সেয়াই হ’ল। অৱশেষত নূপুৰৰ দুৰ্নীতিৰ দস্তাবেজ পোহৰলৈ আহিল।
নূপুৰৰ দুৰ্নীতিৰ সবিশেষ উল্লেখ কৰি দিছপুৰলৈ এক প্ৰাথমিক প্ৰতিবেদন প্ৰেৰণ কৰিছে চি এম ভিজিলেঞ্চে। এই প্ৰতিবেদনত বিষয়াগৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সবিস্তাৰে মুখ্যমন্ত্ৰীক জনাইছে মুখ্য তদন্তকাৰী বিষয়া তথা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই। কি অভিযোগত নূপুৰ বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু কোন বিষয়াই ইয়াৰ তদন্ত কৰিছিল সেই বিষয়েও উল্লেখ আছে প্ৰতিবেদনত। চি এম ভিজিলেঞ্চত ৰুজু হোৱা গোচৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা ৭ আগষ্টতেই অনুমতি দিছিল মুখ্যমন্ত্ৰীয়ে।
২০২৮ চনৰ নৱেম্বৰ মাহত গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল নূপুৰ বৰাই। তাৰপূৰ্বে তেওঁ আছিল বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া। উত্থাপিত অভিযোগ অনুসৰি বৰপেটাত কৰ্মৰত হৈ থকাৰ সময়ত নূপুৰৰ এই দুৰ্নীতিৰ অন্যতম সংগী আছিল লাটমণ্ডল সুৰজিৎ ডেকা। সেই সময়তেই এইগৰাকী অৰ্থলোভী চৰকাৰী বিষয়াই আন্তঃধৰ্মৰ মানুহৰ মাজত মাটি বেচা-কিনাৰ বাবে অনুমতি প্ৰদান কৰিছিল। আনকি ধনৰ বাবদ সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল বুলিও অভিযোগ আছে নূপুৰ বৰাৰ বিৰুদ্ধে।
বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন ধৰ্মৰ লোকক মাটি ক্ৰয়ত নিষেধাজ্ঞা আৰোপৰ এক সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰৰ কেবিনেটে। এই সন্দৰ্ভত নিৰ্দেশনাও জাৰি কৰা হৈছিল। কিন্তু চৰকাৰৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি ধনৰ লোভত দিপীকা নাথ নামৰ এগৰাকী মহিলাৰ মালিকনাধীন ৩ কঠা, ১৫ লেচা মাটি (পট্টা নং ৫১২, দাগ নং ৬২৩) হায়াত খান নামৰ এজন লোকৰ নামত নামজাৰি কৰিছিল নূপুৰ বৰাই। ২০২৪ চনতেই ঘটিছিল এই ঘটনা। এয়া মাত্ৰ এটা উদাহৰণহে। তাৰ বাহিৰেও ভূমি ক্ৰয়-বিক্ৰয় সংক্ৰান্তীয় কামৰ বাবদ বহু পৰিমাণৰ ধন ঘোচ লোৱাৰ অভিযোগ আছে বিষয়াগৰাকীৰ বিৰুদ্ধে।
জানিব পৰা মতে নূপুৰৰ আয়ৰ উৎসতকৈ সম্পত্তিৰ পৰিমাণ ৪১৬.২৬ শতাংশ বেছি। তদন্তকাৰী বিষয়া ৰ’জী কলিতাই জনোৱা মতে এয়া হৈছে চি এম ভিজিলেঞ্চে জব্দ কৰা আটাইতকৈ অধিক পৰিমাণৰ নগদ ধন। বিষয়াগৰাকীয়ে জনোৱা মতে, ইউপিআই পেমেণ্টৰ দ্বাৰাও প্ৰায় ৯ লাখ টকাৰ লেনদেন কৰা হৈছিল তাৰোপৰি গুৱাহাটীৰ কেবাঠাইতো মাটি আৰু ফ্লেট আছে নূপুৰ বৰাৰ।
বহুলোকে এইগৰাকী ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ সাজু হোৱা বুলিও জনায় ৰ’জী কলিতাই। তেওঁ লগতে কয় যে এয়া মাত্ৰ প্ৰাৰম্ভিক তদন্তত জব্দ কৰা ধন আৰু অলংকাৰ। তদন্ত আগবঢ়াৰ লগে লগে আৰু অধিক সম্পত্তি জব্দ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ জনায়।
জানিব পৰা মতে, চাকৰিত নিযুক্তিৰ পিছতেই এগৰাকী লাট মণ্ডলৰ সৈতে বিয়াত বহিছিল নূপুৰ বৰা। তাৰ পাছতেই তেওঁলোকৰ জীৱনলৈ আহে এটি কন্যা সন্তান। কিন্তু সেই সম্পৰ্ক বেছিদিন স্থায়ী নহ’ল। বিবাহ বিচ্ছেদৰ পাছত যেতিয়া নূপুৰ কাৰ্বিআংলঙত কৰ্মৰত আছিল, তেতিয়াও এজন লাট মণ্ডলৰ সৈতে বিয়াত বহিছিল এচিএছ বিষয়াগৰাকী।
কিন্তু বৰপেটালৈ বদলি হোৱাৰ সময়তেই সেই সম্পৰ্কৰো ওৰ পেলায়।বৰপেটাত যোগদান কৰাৰ পাছত নূপুৰৰ কথিত প্ৰেমিক আছিল মণ্ডল সুৰজিৎ ডেকা। তেওঁৰো ইতিমধ্যেই নিজৰ পত্নীৰ সৈতে বিচ্ছেদ হৈছিল। বৰপেটাৰ পৰা নূপুৰ গৰৈমাৰীলৈ আহিল যদিও সুৰজিতৰ সৈতে সংযোগ অব্যাহত আছিল। এতিয়া নূপুৰৰ লগতে জালত পৰিছে সুৰজিতো।