নোবেল বিজয়ী ইউনুছৰ বাংলাদেশত অসুৰক্ষিত হিন্দু মহিলা-কিশোৰী, দিব্যাংগকো যৌন নিৰ্যাতন
মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত কণমানি ছোৱালী, প্ৰতিবন্ধী আৰু হিন্দু মহিলা লক্ষ্য হৈ পৰিছে দুষ্কৃতিকাৰীৰ। এনে অপৰাধ দিনক দিনে বাঢ়িছে চুবুৰীয়া দেশখনত।

প্ৰতীকী ছবি
বাংলাদেশৰ কুমিলাৰ মোৰাদনগৰত এগৰাকী হিন্দু মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাই মহম্মদ ইউনুছৰ চৰকাৰৰ স্বৰূপ উদঙাই দিছে। আৰক্ষীয়ে খৰখেদাকৈ ঘটনাৰ মূল অভিযুক্তকে ধৰি ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও ঢাকা পৰ্যন্ত প্ৰতিধ্বনিত হৈছে এই গোচৰৰ প্ৰতিক্ৰিয়া। ইউনুছৰ চৰকাৰ অহাৰ পাছত বাংলাদেশত দেখা গৈছে এনেধৰণৰ অপৰাধৰ এক নতুন ধাৰা।
মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত কণমানি ছোৱালী, প্ৰতিবন্ধী আৰু হিন্দু মহিলা লক্ষ্য হৈ পৰিছে দুষ্কৃতিকাৰীৰ। এনে অপৰাধ দিনক দিনে বাঢ়িছে চুবুৰীয়া দেশখনত।
জুন মাহত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছে ৩৬৩টা অপৰাধ
মানৱ অধিকাৰ সংস্থা এম এছ এফৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জুন মাহত বাংলাদেশত মহিলা আৰু ছোৱালীৰ ওপৰত ৩৬৩টা হিংসাৰ ঘটনা সংঘটিত হৈছে। অৰ্থাৎ প্ৰতিদিনে ১২ টা অপৰাধ। বাংলাদেশত প্ৰতিদিনে গড়ে ১২ গৰাকী মহিলা/ছোৱালী হিংসাত্মক ঘটনাৰ সন্মুখীন হয়। এই পৰিসংখ্যা হৈছে কেৱল লিপিবদ্ধ গোচৰৰ। পঞ্জীয়ন নোহোৱা ঘটনাৰ হিচাপ চাবলৈ গ’লে গোচৰৰ পৰিসংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
সংস্থাটোৰ তথ্য অনুসৰি বাংলাদেশত ৬৭টা যৌন নিৰ্যাতনৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। ১৭টা ঘটনা দলবদ্ধ যৌন নিৰ্যাতনৰ। যৌন নিৰ্যানত চলাই হত্যা কৰা গোচৰ ৪টা।
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মতে বাংলাদেশত সংঘটিত হোৱা এনে ঘটনাৰ এক শতাংশও পঞ্জীয়ন কৰিব পৰা নাই আৰক্ষী আৰু অন্তৱৰ্তীকালীন চৰকাৰে। এই পৰিসংখ্যা লুকুৱাবলৈ চৰকাৰে চেষ্টা চলাইছে বুলিও হাছিনাই অভিযোগ কৰিছে।
মোৰাদনগৰত এগৰাকী হিন্দু মহিলাক যৌন নিৰ্যাতন চলোৱা কাৰ্যতো দেখা গ’ল একেই ঘটনা। ভিডিঅ’ ভাইৰেল হোৱাতহে আৰক্ষী সক্ৰিয় হৈ পৰে।
কিশোৰী, দিব্যাংগ আৰু হিন্দু মহিলাক লক্ষ্য কৰি লোৱা হৈছে
বাংলাদেশত যৌন নিৰ্যাতনকাৰীৰ টাৰ্গেট হৈছে দিব্যাং, হিন্দু মহিলা আৰু কিশোৰী। এম এছ এফৰ তথ্য অনুসৰি জুন মাহত ১৯ গৰাকী ছোৱালীক যৌন নিৰ্যাতন চলোৱা হৈছিল। একেদৰে ২৩ গৰাকী কিশোৰীয়ে যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ দাখিল কৰে। এই মাহত মোৰাদনগৰৰ এটা ঘটনাকে ধৰি ২ গৰাকী হিন্দু মহিলাক যৌন নিৰ্যাতন কৰা হয়।
বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে এম এছ এফৰ উদ্ধৃতি দি লিখিছে যে ২০২৫ চনৰ জুন মাহত ৭ গৰাকী দিব্যাং ছোৱালীক যৌন নিৰ্যাতন চলোৱা হৈছিল, যিটো গোচৰ আৰক্ষীয়ে পঞ্জীয়ন কৰিছে। বাংলাদেশ আৰক্ষী মুখ্য কাৰ্যালয়ে ২০২৫ চনৰ মাৰ্চ মাহত এক তথ্য প্ৰকাশ কৰিছিল। এই তথ্য অনুসৰি বাংলাদেশত বিগত ১০ বছৰত প্ৰায় ৫৬০০টা কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।