আপোনাৰ পেঞ্চনৰ টকা বেলেগে পাইছে নেকি? জানক…
এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (EPFO) লক্ষ্য কৰিছে যে বহু ক্ষেত্ৰত ইপিএছৰ ধন বহু কৰ্মচাৰীৰ বাবে জমা কৰা হৈছে যিসকলৰ ইয়াৰ অধিকাৰ নাই। বহু ক্ষেত্ৰত আকৌ বাদ দিয়া হৈছে এই ধনৰ অধিকাৰী একাংশ কৰ্মচাৰীক।
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ জমা হয় এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড (EPF) বা কৰ্মচাৰী ভৱিষ্য নিধিত। আৰু ইয়াৰ কিছু অংশ পুনৰ পেঞ্চন ফাণ্ড বা ইপিএছ (EPS)ৰ অধীনত জমা কৰা হয়। কিন্তু আপোনাৰ পেঞ্চনৰ ধন সঠিক ঠাইত জমা হৈছে নে? বহুক্ষেত্ৰত আপুনি যিটো কোম্পানীত কাম কৰে, সেই কোম্পানীৰ ভুলৰ বাবে আপুনি লাভ কৰা ধন আন কাৰোবাৰ একাউণ্টত জমা হয়। সেই সমস্যা সমাধানৰ বাবে ইপিএফঅ’ই এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (EPFO) লক্ষ্য কৰিছে যে বহু ক্ষেত্ৰত ইপিএছৰ ধন বহু কৰ্মচাৰীৰ বাবে জমা কৰা হৈছে যিসকলৰ ইয়াৰ অধিকাৰ নাই। বহু ক্ষেত্ৰত আকৌ বাদ দিয়া হৈছে এই ধনৰ অধিকাৰী একাংশ কৰ্মচাৰীক। ইয়াৰ ফলত সৃষ্টি হৈছে আইনী জটিলতাৰ। অৱসৰৰ সময়ত যাতে খৰখেদা নহয়, তাৰ বাবে ইপিএফঅ’ই লৈছে নতুন পদক্ষেপ।