ফোনৰ দৰে লেপটপত পাব সকলো সুবিধা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

Sep 30, 2025 | 11:52 PM

অষ্টাৰলোহে কয়, ‘আমি পিচি আৰু স্মাৰ্টফোনৰ বাবে সৃষ্টি কৰা ব্যৱস্থাটো সম্পূৰ্ণ বেলেগ আছিল। এতিয়া, আমি সেই পাৰ্থক্য মচি পেলাই এক উমৈহতীয়া কাৰিকৰী ভেটি গঢ়ি তোলাৰ প্ৰকল্প হাতত লৈছো।’

সমগ্ৰ বিশ্বৰ চফ্টৱেৰ জগতখনত এক বৃহৎ পৰিৱৰ্তনৰ সংকেত। কোৱালকম স্নেপড্ৰেগন ছামিট ২০২৫ত গুগলৰ ৰিক অষ্টাৰলোহে এই কথা উল্লেখ কৰে। এতিয়া এণ্ড্ৰইড আৰু ক্ৰ’ম অপাৰেটিং চিষ্টেম এক হৈ পৰিছে।  এতিয়া স্মাৰ্টফোন আৰু পিচি অপাৰেটিং চিষ্টেমৰ মাজত থকা দীৰ্ঘদিনীয়া পাৰ্থক্যৰ শেষ কৰিবলৈ ওলাইছে গুগলে।