UPI Payment Update: মুখ দেখুৱাই লওক ধন! শীঘ্ৰেই UPIত দেখা যাব অত্যাধুনিক প্ৰযুক্তি

Oct 08, 2025 | 8:58 PM

অনলাইন ধন পৰিশোধৰ বাবে UPIৰ ওপৰত অধিকাংশ লোকেই এতিয়া অধিক আস্থা প্ৰকাশ কৰিছে। এতিয়া UPIৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে দেখা পাব এক নতুন পৰিৱৰ্তন। আজিৰে পৰা ইউনিফাইড পে’মেণ্টছ ইন্টাৰফেচ বা UPI নেটৱৰ্কত বৃহৎ পৰিৱৰ্তন হ'ব।

নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা অনলাইন পে’মেণ্টৰ বাবে কোনো বাধ্যতামূলক সংখ্যাগত পিন নাথাকিব। স্বাভাৱিকতেই সকলোৰে মনত প্ৰশ্ন উঠিব পাৰে, পিন অবিহনে কিদৰে সুৰক্ষামূলক লেনদেন সম্ভৱ? পিছে এই চিন্তা হৈ পৰিব অমূলক। জানিব পৰা মতে পিনৰ পৰিৱৰ্তে ব্যৱহাৰকাৰীয়ে ফিংগাৰপ্ৰিণ্ট বা ফেচ ৰিক’গনিশ্যন ব্যৱহাৰ কৰিব পাৰিব।

যদি সঁচাকৈয়ে নেচনেল কৰ্পৰেশ্যন পে’মেণ্টছ অৱ ইণ্ডিয়া, চমুকৈ NPCI- এ এনে পদক্ষেপ গ্ৰহণ কৰে, তেতিয়া ই ডিজিটেল লেনদেনত এক নতুন দিগন্তৰ সূচনা কৰিব। জানিব পৰা গৈছে যে এই বায়’মেট্ৰিক অথেণ্টিকেশ্যন কেন্দ্ৰীয় চৰকাৰৰ ইউনিক আইডেণ্টিফিকেশ্যন চিষ্টেম অৰ্থাৎ আধাৰ তথ্যকোষ ব্যৱহাৰ কৰি কৰা হ’ব।