ট্ৰাম্পৰ বিশেষ তালিকা; আমেৰিকাত নিষিদ্ধ হ’ব পাৰে পাকিস্তানী
২০১৮ চনত তেওঁৰ কাৰ্যকালত ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ পৰ্যটকৰ আমেৰিকাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু ২০২১ চনত জো বাইডেনে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে আৰোপ কৰা সকলো নিয়ম সম্পূৰ্ণৰূপে আঁতৰাই দিয়ে । কিন্তু ট্ৰাম্পে পুনৰ ক্ষমতা দখল কৰাৰ পিছত পুনৰবাৰ এই “নিষেধাজ্ঞা” সন্দৰ্ভত জল্পনা-কল্পনা বৃদ্ধি পাইছে ।
হোৱাইট হাউচৰ দায়িত্বভাৰ লাভ কৰিয়েই একাধিক ডাঙৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে । এইবাৰ পাকিস্তানক লৈ বিশেষ সিদ্ধান্ত লোৱাৰ দিশে ট্ৰাম্প । সূত্ৰ অনুসৰি ট্ৰাম্পে অতি সোনকালে আমেৰিকাত পাকিস্তানীৰ বাবে ‘নো এণ্ট্ৰি’ নিষেধাজ্ঞা ঘোষণা কৰিব পাৰে । কেৱল পাকিস্তানে নহয়, আফগানিস্তানো ট্ৰাম্পৰ তালিকাত থাকিব পাৰে । কিন্তু চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই যদিও আমেৰিকাত জল্পনা-কল্পনা বৃদ্ধি পাইছে ।
জানিব পৰা মতে ২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ট্ৰাম্পে প্ৰশাসনিক পৰ্যায়ত এক নিৰ্দেশনা জাৰি কৰিছিল । সেই নিৰ্দেশৰ জৰিয়তে তেওঁ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত কেবিনেট সদস্যৰ তালিকা প্ৰস্তুত কৰিবলৈ কয় । লগতে ট্ৰাম্পে এই তালিকা প্ৰস্তুত কৰাৰ বাবে ১২ মাৰ্চৰ সময়সীমাও দিছিল ।
কিন্তু কি থাকিব এই তালিকাত ? যিখন তালিকা মচদনত বহিয়েই প্ৰস্তুতৰ নিৰ্দেশ দিছিল ৰাষ্ট্ৰপতিয়ে । জানিব পৰা মতে, আমেৰিকালৈ অহাৰ বাবে কোনখন দেশৰ পৰ্যটকক আংশিক আৰু সম্পূৰ্ণ বৈধতা প্ৰদান কৰা হ’ব তাৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হ’ব । ট্ৰাম্পে এই তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা জল্পনা-কল্পনা বাঢ়িছে । সূত্ৰ অনুসৰি পাকিস্তান আৰু আফগানিস্তান সেই তালিকাত নাই ।