চাহিদা বাঢ়িব ভাৰতীয় মুদ্ৰাৰ! ৰিজাৰ্ভ বেংকৰ নতুন পৰিকল্পনা…
ভূ-ৰাজনীতিতো চীনৰ পৰা পৃথক পথ অনুসৰণ কৰিছে ভাৰতে। নতুন দিল্লীয়ে ‘ব্ৰিকছ মুদ্ৰা’ৰ প্ৰতি আগ্ৰহ হ্ৰাস কৰিছে। আনহাতে, তেওঁলোকে দ্বিপাক্ষিক চুক্তিৰ ওপৰত অধিক গুৰুত্ব দিছে।
ভাৰতীয় মুদ্ৰাক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা হিচাপে গ্ৰহণযোগ্যতা বৃদ্ধি আৰু ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । ইয়াৰ বাবে কেইবাটাও পদ্ধতি গ্ৰহণ কৰিছে নতুন দিল্লীয়ে। অৱশ্যে চীনে লোৱা পথতকৈ ভাৰতৰ পথ একেবাৰে পৃথক।
দৰাচলতে চীনৰ সমগ্ৰ কৌশল দেশৰ চৰকাৰে নিয়ন্ত্ৰণ কৰে। ফলত ব্যৱসায়ৰ সমগ্ৰ হিচাপ চৰকাৰৰ হাতত থাকে। ইয়াৰ বাহিৰেও চীনে বিভিন্ন দেশলৈ বহু বস্তু ৰপ্তানি কৰে। আনহাতে ভাৰতীয় বজাৰ সকলোৰে বাবে মুকলি। আৰু সেইবাবেই ভাৰতে নিজৰ সপোন পূৰণৰ বাবে নিজা বজাৰৰ ওপৰত নিৰ্ভৰশীল।সেই লক্ষ্যৰ দিশে লাহে লাহেকৈ আগবাঢ়িছে ভাৰতীয় ৰিজাৰ্ভ বেংক। বাণিজ্যিক নিষ্পত্তিৰ ওপৰতো দিয়া হৈছে গুৰুত্ব । ৰাছিয়া, মালয়েছিয়া বা সংযুক্ত আৰব আমিৰশ্বাহীৰ দৰে দেশৰ সৈতে স্থানীয় মুদ্ৰাৰ বাণিজ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।