সলনি হ’ব নেকি Aadhaar Card? ভুৱা আধাৰ কাৰ্ড ধৰা পেলাবলৈ UIDAI ৰ নতুন প্ৰচেষ্টা

Jul 10, 2025 | 8:32 PM

আধাৰৰ নিয়ন্ত্ৰক ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিৰ চিইঅ’ ভুৱনেশ কুমাৰে কয়, “আধাৰ কেতিয়াও প্ৰথম পৰিচয় পত্ৰ নাছিল”।

আধাৰ কাৰ্ডক লৈ প্ৰায়ে বিতৰ্ক চলি থাকে। সকলোৱে জানে যে আধাৰ কাৰ্ড এখন পৰিচয় পত্ৰ। বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধনীৰ নিয়মত কোৱা হৈছিল, আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গণ্য কৰা নহয়। তেনেহলে আধাৰ কাৰ্ড কি কামত ব্যৱহাৰ হ’ব? এনে হাজাৰ হাজাৰটা প্রশ্ন উত্থাপন হৈছে। এনে ক্ষেত্ৰত UIDAI এ আধাৰ কাৰ্ড সন্দৰ্ভত নতুন আপডেট দিছে।

আধাৰৰ নিয়ন্ত্ৰক ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিৰ চিইঅ’ ভুৱনেশ কুমাৰে কয়, “আধাৰ কেতিয়াও প্ৰথম পৰিচয় পত্ৰ নাছিল”।

নিৰ্বাচন আয়োগে ২৪ জুনত বিস্তৃত ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ কথা উল্লেখ কৰিছিল। কিন্তু তাত আধাৰ কাৰ্ডৰ কথা উল্লেখ কৰা নাই। জন্মৰ প্ৰমাণ পত্ৰ, পাছপ’ৰ্ট, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, জাতি প্ৰমাণ পত্ৰ, বাসস্থানৰ প্ৰমাণ পত্ৰ, NRC ৰ নথি, মাটিৰ পট্টা দেখুৱাবলৈ কোৱা হৈছিল। নিজকে বৈধ ভোটাৰ হিচাপে প্ৰমাণ কৰিবলৈ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই।

সম্পূৰ্ণ তথ্য়ৰ বাবে চাওক এই ভিডিঅ’টো…