দক্ষিণ কামৰূপৰ উৰপুত বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু
স্থানীয় লোকে মৃত হাতীটো দেখা পোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতে লোহাৰঘাট বন বিভাগৰ দল সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ কৰে মৃত হাতীটোক। বন্য হস্তীটোৰ মৃত্যুৱে স্থানীয় লোকসকলক শোকাহত কৰি তুলিছে।
দক্ষিণ কামৰূপৰ পলাশবাৰীত যোৱা নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পলাশবাৰীৰ উৰপুত অঞ্চলৰ কান্দুপুৰত যোৱা নিশা বিদ্যুৎপৃষ্ঠ হোৱাৰ ফলত প্ৰাণ হেৰুৱায় এটা বনৰীয়া হাতীয়ে। নিশা বিদ্যুৎ সংযোগী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে হাতীটো সমীপতে থকা এটা পুখুৰীত বাগৰি পৰে। ইয়াৰ ফলত হাতীটোৰ মৃত্যু হয়। স্থানীয় লোকে মৃত হাতীটো দেখা পোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতে লোহাৰঘাট বন বিভাগৰ দল সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ কৰে মৃত হাতীটোক।
বন্য হস্তীটোৰ মৃত্যুৱে স্থানীয় লোকসকলক শোকাহত কৰি তুলিছে। গাঁওবাসীয়ে মৃত হাতীটোক ধৰ্মীয় নীতি-নিয়মেৰে অন্তিম শ্ৰদ্ধা জনায়। ইফালে হাতীটোৰ মৃত্যুৰ পিছতে স্থানীয় লোকে মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে।
