বাংলাদেশত যুৱকক অস্ত্ৰৰ প্ৰশিক্ষণ, কি নতুন ষড়যন্ত্ৰ ইউনুছৰ?

Oct 25, 2025 | 7:41 PM

চৰকাৰী তথ্য অনুসৰি বাংলাদেশ নেশ্যনেল কেডেট কৰ্পছৰ জৰিয়তে ৪০ হাজাৰ যুৱক-যুৱতীক কাৰাটে আৰু আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হ’ব। সূত্ৰ অনুসৰি দেশখনত স্থাপন কৰা হৈছে ৭টা শিবিৰ।

ইউনুছ চৰকাৰে এইবাৰ সৃষ্টি কৰিব নেকি ইছলামিক মিলিচীয়া? মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনে বাংলাদেশৰ যুৱক-যুৱতীসকলক অস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰিব। খবৰ অনুসৰি প্ৰাথমিক পৰ্যায়ত ৮ হাজাৰ যুৱকক দিয়া হ’ব অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ। এই বিষয়ে কিছুদিন পূৰ্বে পোষ্ট কৰিছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা আছিফ মাহমুদ চাজিব ভূঞাই। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪০ হাজাৰৰো অধিক যুৱকক দিয়া হ’ব অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ। কিন্তু হঠাৎ কিয় দেশৰ যুৱকৰ হাতত অস্ত্ৰ-শস্ত্ৰ তুলি দি ইয়াৰ ব্যৱহাৰ শিকাবলৈ সিদ্ধান্ত লৈছে ইউনুছ চৰকাৰে?

দেশৰ সংৰক্ষিত বাহিনীক অধিক শক্তিশালী কৰাৰ বাবে এয়া এক পদক্ষেপ বুলি যুক্তি দিছে ইউনুছ চৰকাৰে। আছিফ মাহমুদৰ পোষ্টত কোৱা হৈছে যে ৮,৮৫০ জন যুৱকক টাইকোৱাণ্ডো, জুডো, যুদ্ধ কলাৰ প্ৰশিক্ষণ দিয়া হ’ব। লগতে তেওঁলোকক অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণো দিয়া হ’ব।

চৰকাৰী তথ্য অনুসৰি বাংলাদেশ নেশ্যনেল কেডেট কৰ্পছৰ জৰিয়তে ৪০ হাজাৰ যুৱক-যুৱতীক কাৰাটে আৰু আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হ’ব। সূত্ৰ অনুসৰি দেশখনত স্থাপন কৰা হৈছে ৭টা শিবিৰ। প্ৰথম পৰ্যায়ত এই শিবিৰত ৮,৮৫০ জন যুৱকক প্ৰশিক্ষণ দিয়া হৈছে সেনা বিষয়াৰ দ্বাৰা। তেওঁলোক পাকিস্তান সমৰ্থক বুলিও জনা যায়।

ইয়াৰ ফলত উদ্বেগ বৃদ্ধি পাইছে নতুন দিল্লীতো। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখন কোন দিশত আগবাঢ়িছে তাৰো নিৰীক্ষণ কৰা হৈছে। খবৰ অনুসৰি কিছু মাহ পূৰ্বে বিভিন্ন চোৰাংচোৱা সংস্থাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰিছিল। একাংশ পৰ্যবেক্ষকৰ মতে, ২০২৪ চনত গণবিদ্ৰোহৰ সময়ত গণভবন আৰু দেশৰ আৰক্ষী থানা আদিৰ পৰা লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি এই বাহিনীটোক দিয়া হৈছে প্ৰশিক্ষণ।