Jaya Bachchan News: কেমেৰা দেখিলেই কিয় খং উঠে জয়া বচ্চনৰ ?

Dec 02, 2025 | 8:07 PM

জয়া বচ্চনে প্ৰায়ে ফটোগ্ৰাফাৰক তুচ্ছ-তাচ্ছিল্য কৰা দেখা যায়। তেওঁ এনে ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে। কিয় ফটোগ্ৰাফাৰ বা ভিডিঅ’গ্ৰাফাৰক দেখিলে এনে আচৰণ কৰে জয়া বচ্চনে?

কেমেৰা দেখিলেই তেওঁৰ খং উঠে আৰু লগে লগে চিঞৰি উঠে। জয়া বচ্চনে প্ৰায়ে ফটোগ্ৰাফাৰক তুচ্ছ-তাচ্ছিল্য কৰা দেখা যায়। তেওঁ এনে ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে। ৰাজহুৱাভাৱে কোনেও একো নকলেও বহুতে জয়াৰ এই আচৰণক লৈ আলোচনা কৰে। কিন্তু কিয় ফটোগ্ৰাফাৰ বা ভিডিঅ’গ্ৰাফাৰক দেখিলে এনে আচৰণ কৰে জয়া বচ্চনে?

চেলিব্ৰিটিসকল য’তেই নাথাকে, তাতেই গৈ পায় পাপাৰাজী। কেতিয়াবা তেওঁলোকৰ ঘৰৰ সন্মুখত, কেতিয়াবা গাড়ীৰ সন্মুখত। কেতিয়াবা ফিল্মি পাৰ্টিৰ সময়ত। বিমানবন্দৰত প্ৰৱেশ আৰু প্ৰস্থান কৰাৰ সময়তো পাপাৰাজীৰ কেমেৰাৰ সন্মুখলৈ আহে চেলিব্ৰিটিসকল। কোৱা হয় যে, বহু তাৰকাই নিজেই পাপাৰাজীক ফটো তুলিবলৈ মাতে বা অনুৰোধ কৰে। কিন্তু ফটোগ্ৰাফাসকলে কোনো কাৰণ নোহোৱাকৈ এইদৰে ফটো তোলাটো একেবাৰেই ভাল নাপায় জয়া বচ্চনে।