সংকটৰ সময়ৰ পৰিত্ৰাণ! ভাৰতৰ কোষাগাৰত কিমান সোণ মজুত আছে জানেনে?
বৰ্তমান বিশ্বত ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত সকলো দেশেই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সোণ মজুত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চাওঁ আহক বিশ্বৰ কোন দেশৰ হাতত সৰ্বাধিক সোণ মজুত আছে তথা ভাৰতৰ কোষাগাৰত মজুত থকা সোণৰ পৰিমাণ কিমান।
আমাৰ সমাজত সোণৰ গুৰুত্ব সততে চকুত পৰে। এই ধাতুবিধক পূৰ্বৰে পৰা আঢ্যৱন্তৰ প্ৰতীক হিচাপে গণ্য কৰি অহা হৈছে। সাম্প্ৰতিক সময়ত সোণৰ এই গুৰুত্ব তথা মূল্য অধিক বৃদ্ধি পাইছে। এতিয়া দেশ এখনৰ অৰ্থনীতিও সোণৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল হৈ পৰিছে। বৰ্তমান বিশ্বত ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত সকলো দেশেই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সোণ মজুত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ সমান্তৰালকৈ আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও বহু দেশে সোণৰ আশ্ৰয় লৈছে।
সোণৰ এনে গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি লক্ষ্য ৰাখি চাওঁ আহক বিশ্বৰ কোন দেশৰ হাতত সৰ্বাধিক সোণ মজুত আছে তথা ভাৰতৰ কোষাগাৰত মজুত থকা সোণৰ পৰিমাণ কিমান…