নিজতকৈ জ্যেষ্ঠ অভিনেত্ৰীক একেলগে শোৱাৰ প্ৰস্তাৱ অভিষেকৰ! আহিল এনে উত্তৰ…

Oct 05, 2025 | 8:13 PM

নিজতকৈ জ্যেষ্ঠ এই অভিনেত্ৰীগৰাকীক অভিষেকে একেলগে শোৱাৰ প্ৰস্তাৱ দিছিল। অভিষেকৰ এই প্ৰস্তাৱত পিছে অভিনেত্ৰীগৰাকী আচৰিত হোৱা নাছিল। খঙো কৰা নাছিল এই জ্যেষ্ঠ অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে এই খবৰ।

পিতৃ বিগ বি অমিতাভ বচ্চনৰ পথেৰেই খোজ দি ছবিজগতত প্ৰৱেশ কৰিছিল পুত্ৰ অভিষেকে। বক্স অফিচত অভিষেকে বিশেষ সফলতাৰ মুখ নেদেখিলেও প্ৰেম সম্পৰ্কীয় বাতৰিৰ বাবে প্ৰথমৰ পৰাই চৰ্চাত আছে অভিনেতাগৰাকী। অভিনেত্ৰী কৰিশ্মা কাপুৰ, ৰাণী মুখাৰ্জীৰ সৈতেও অভিষেকৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি গুজৱ ওলাইছিল। অৱশ্যে এই সকলো চৰ্চাৰ মূৰকত অভিষেক ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে সাংসাৰিক বান্ধোনত সোমাইছিল। এসময়ত অভিষেকে এগৰাকী অভিনেত্ৰীক এক আচৰিত প্ৰস্তাৱো আগবঢ়াইছিল।