ৰোনাল্ডোৱে বিপাশাক চুম্বন কৰি দিলে গোটেই জীৱনৰ অধিকাৰ!

Nov 27, 2025 | 7:30 PM

সেই সময়ত বিপাশা জন আব্ৰাহামৰ সৈতে এক প্ৰেমৰ সম্পৰ্কত আছিল। তেনে সময়ত ৰোনাল্ডোক লগ পাইছিল বিপাশাই। সেই সময়ত বিপাশা নানা ধৰণৰ উপহাসৰ সন্মুখীন হৈছিল। আনকি ৰোনাল্ডোৰ সৈতে চুম্বন কৰাৰ বাবে জন আব্ৰাহাম আৰু বিপাশাৰ মাজত বিচ্ছেদ হোৱা বুলিও শুনা গৈছিল। এই ঘটনাৰ বিষয়ে প্ৰায় ১৮ বছৰৰ পাছত বিপাশা বসুৱে এটা সাক্ষাৎকাৰত মুকলিকৈ কয়।

ক্রিষ্টিয়ানো ৰোনাল্ডোক সকলোৱে চিনি পায়। ৰোনাল্ডোই জীৱনৰ বিভিন্ন সময়ত বহু মহিলাৰ সৈতে সম্পৰ্কত সোমাইছিল। আপুনি জানেনে যে বিপাশা বসুও তাৰ মাজৰে এগৰাকী আছিল। এটা নাইট ক্লাবত অন্তৰংগ হোৱাৰ পিছত বিপাশাক প্ৰতিশ্ৰুতি দিছিল ৰোনাল্ডোৱে।

এয়া ২০০৭ চনৰ কথা।বিপাশা বসুৱে পৰ্তুগাললৈ উৰা মাৰিছিল এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। সেই অনুষ্ঠানত উপস্থিত আছিল ৰোনাল্ডো। তাতেই এই দুই তাৰকাই অন্তৰংগ বাৰ্তালাপৰ মাজেৰে লিপ্ত হৈ পৰে। সেই সময়ত এটা নাইট ক্লাবৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। য’ত বিপাশা আৰু ৰোনাল্ডোক ওঁঠত চুমা খাই থকা দেখা গৈছিল। ফটোখন ধুমুহাৰ দৰে বিয়পিবলৈ বেছি সময় নালাগিল।