Lurinjyoti Gogoi: জুবিন গাৰ্গৰ “ৰৈ ৰৈ বিনালে” ছবি চাই কি ক’লে লুৰীণজ্যোতি গগৈয়ে

Oct 31, 2025 | 5:19 PM

ছবিখনৰ বাবে প্ৰতিটো ছবিগৃহতে এতিয়া হাউচফুল। আজি এই ছবিখনৰ দৰ্শনী  চাই আৱেগিক হৈ পৰে লুৰীণজ্যোতি গগৈ। তেওঁ কয়, 'জুবিন গাৰ্গৰ চিন্তা-চেতনাক মানুহে মৃত্যুৰ পিছত বেছি উপলব্ধি কৰিছে। তেওঁ কৈ যোৱা প্ৰতিটো কথা লাহে লাহে সকলোৱে উপলব্ধি কৰিবলৈ ধৰিছে।

আজি মুক্তি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। ছবিখন চাই আকৌ এবাৰ শোকত ম্ৰিয়মান হৈ পৰিছে অসমবাসী। ছবিখনৰ বাবে প্ৰতিটো ছবিগৃহতে এতিয়া হাউচফুল। আজি এই ছবিখনৰ দৰ্শনী  চাই আৱেগিক হৈ পৰে লুৰীণজ্যোতি গগৈ। তেওঁ কয়, ‘জুবিন গাৰ্গৰ চিন্তা-চেতনাক মানুহে মৃত্যুৰ পিছত বেছি উপলব্ধি কৰিছে। তেওঁ কৈ যোৱা প্ৰতিটো কথা লাহে লাহে সকলোৱে উপলব্ধি কৰিবলৈ ধৰিছে। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত আদৰ্শৰ বিশালতা প্ৰকৃতিৰ প্ৰতি প্ৰেম, গছ নাকাটিবলৈ, পৰোপকাৰ, মানৱীয়তাবোধ সেইবাবে অসমতে থকা গোটেই বিশ্বত বিয়পি পৰিছে। জুবিন গাৰ্গে সমাজখনৰ বাবে কি কৰিছে এতিয়া সকলোৱে ধৰিব পাৰিছে।’

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…