Himanta Biswa Sarma: ‘ৰৈ ৰৈ বিনালে’ চাবলৈ কিয় যাব নোৱাৰে মুখ্যমন্ত্ৰী?
সকলোৱে জুবিনক অভিনেতা হিচাপে পৰ্দাত অভিনয় কৰা দেখা পাইছে। ছবিখন চাবলৈ গৈ সকলোৱে কান্দি কান্দি ঘৰলৈ উভতি আহিছে।
আজি অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ লগে লগে ছবিখনে ধুমুহাৰ সৃষ্টি কৰিছে, কিয়নো এইখন জুবিন গাৰ্গৰ অন্তিমখন ছবি। সকলোৱে জুবিনক অভিনেতা হিচাপে পৰ্দাত অভিনয় কৰা দেখা পাইছে। ছবিখন চাবলৈ গৈ সকলোৱে কান্দি কান্দি ঘৰলৈ উভতি আহিছে।
অসমৰ প্ৰতিজন ব্যক্তিয়ে এই ছবিখন চাইছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱা নাই ছবিখন চাবলৈ। সাংবাদিকে সোধ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, মই গ’লে গোটেই ছবিগৃহটো বন্ধ হৈ যাব, যদি মই চিনেমাখন চাবলৈ যাও বাকী ৰাইজৰ কষ্ট হ’ব। মোৰ ছিকিউৰিটিয়ে থাকে ২৬ জন। গতিকে মই ছবিগৃহত গলে চিনেমা নহ’ব। সেয়ে ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম।