‘জুবিন গাৰ্গক একাংশই ষড়যন্ত্ৰমূলকভাৱে মদ খুৱাইছিল, ধন সম্পত্তি লুণ্ঠনৰ বাবে এই ষড়যন্ত্ৰ চলাইছিল’- মুখ্যমন্ত্ৰী

Nov 18, 2025 | 8:40 PM

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ৰক্তদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো। খানাপাৰাত বিজেপিৰ ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ উদ্দেশ্যে দিয়ে ভাষণ।

আজি জুবিন গাৰ্গৰ ওপজা দিন। সমগ্ৰ অসমে প্ৰাণৰ শিল্পীজনৰ অবিহনে এইবাৰ জন্মদিন উদযাপন কৰে। শিল্পীজনৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিয়ে শ্ৰদ্ধা জনাবলৈ ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদানৰ শিবিৰ অনুষ্ঠিত হয়। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ৰক্তদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো। খানাপাৰাত বিজেপিৰ ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ উদ্দেশ্যে দিয়ে ভাষণ।

এই অনুষ্ঠানত ভাষণ দি মূখ্যমন্ত্ৰীয়ে কয়, ‘জবিনে মদ খাই ভালপোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিল। তেওঁৰ ওচৰে-পাজৰে থকা মানুহখিনিয়ে খুৱাইছিল, যাতে তেওঁক ব্যৱহাৰ কৰিব পাৰে। তদন্তত সকলো পোহৰলৈ আহিব। জুবিন গাৰ্গক একাংশই ষড়যন্ত্ৰমূলকভাৱে মদ খুৱাইছিল। জুবিনৰ ধন সম্পত্তি লুণ্ঠনৰ বাবে এই ষড়যন্ত্ৰ চলাইছিল। জুবিনৰ পৰিচয় মদ নাছিল, তেওঁৰ পৰিচয় আছিল দুখীয়াৰ ওচৰত থিয় হোৱা, অন্যায়ৰ বিৰুদ্ধে মাত মতা। সেয়ে আমি নৱ-প্ৰজন্মক বুজাব বিচাৰিছোঁ জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক ৰক্তদানৰ মাজেৰে জীয়াই ৰাকক। গানেৰে জুবিনক জীয়াই ৰাখক। ভাল কামেৰে জীয়াই ৰাখক জুবিন গাৰ্গক।’

সবিশেষৰ বাবে চাওক এই ভিডিঅ’