অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত কি ক’লে আমিনুল ইছলামে
এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে এই বিধেয়কখনক সংবিধান বিৰোধী আখ্যা দিছে। TV9 Assam- ৰ সৈতে বাৰ্তালাপৰ সময়ত আমিনুল ইছলামে বহুকেইটা মন্তব্য কৰে। তেওঁ এই বিধেয়কে সংবিধানৰ বহুকেইটা অনুচ্ছেদ উলংঘা কৰা বুলি দাবী কৰিছে। কি ক’লে আমিনুল ইছলামে, চাওক ভিডিঅ’।
এক ঐতিহাসিক পদক্ষেপৰ ৰূপত আজি অসম বিধানসভাত গৃহীত হয় বহু চৰ্চিত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ বাদ-বিবাদৰ। হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কক নিষ্পেষিত মহিলাসকলৰ প্ৰতি সন্মান আখ্যা দিলেও অৱশ্যে একাংশ বিৰোধী বিধায়কে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হয়। এই নতুন বিধেয়কখনৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে।
এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে এই বিধেয়কখনক সংবিধান বিৰোধী আখ্যা দিছে। TV9 Assam- ৰ সৈতে বাৰ্তালাপৰ সময়ত আমিনুল ইছলামে বহুকেইটা মন্তব্য কৰে। তেওঁ এই বিধেয়কে সংবিধানৰ বহুকেইটা অনুচ্ছেদ উলংঘা কৰা বুলি দাবী কৰিছে। কি ক’লে আমিনুল ইছলামে, চাওক ভিডিঅ’..
