‘ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমাৰ মিত্ৰতা নতুন নহয়, আমি মিত্ৰতাৰ ধৰ্মক বিশ্বাস কৰোঁ’ -অতুল বৰা
ইয়াৰোপৰি নিৰ্বাচনৰ আসন সন্দৰ্ভতো মন্তব্য কৰে অতুল বৰাই। তেওঁ কয়, 'আসন ভাগ বতৰা আলোচনাৰ পিছত সিদ্ধান্ত ল'ব । সন্মানজনক ভাবে বুজা বুজি বিচাৰো।'
সমাগত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে সাজু হৈছে শাসক-বিৰোধী। আজি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কৰিছে মন্তব্য। তেওঁ কয়, ‘ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমাৰ মিত্ৰতা নতুন নহয় । আমি মিত্ৰতাৰ ধৰ্মক বিশ্বাস কৰোঁ। কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে ভুল সিদ্ধান্তৰ কাৰণে অসম আন্দোলন হ’ল। কংগ্ৰেছে বাংলাদেশ পৰা প্ৰবজনৰ ৰাস্তা খুলি দিছিল ভোটবেংকৰ বাবে মানুহ আনিছিল। কংগ্ৰেছ আমাৰ মূল শত্ৰু।’
ইয়াৰোপৰি নিৰ্বাচনৰ আসন সন্দৰ্ভতো মন্তব্য কৰে অতুল বৰাই। তেওঁ কয়, ‘আসন ভাগ বতৰা আলোচনাৰ পিছত সিদ্ধান্ত ল’ব । সন্মানজনক ভাবে বুজা বুজি বিচাৰো।’
