Operation sindoor: ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ প্ৰত্যুত্তৰ দিব নেকি পাকিস্তানে?

May 08, 2025 | 7:42 PM

অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা হয় সন্ত্ৰাসবাদীক । পাকিস্তানৰ কোনো সাধাৰণ ব্যক্তি আহত হোৱা নাই এই অভিযানত । লক্ষ্য আছিল একেবাৰে নিখুঁত ।

১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ মাটিত অভিযান চলাইছে ভাৰতে । পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ আৰু পাক অধিকৃত কাশ্মীৰত ধ্বংস কৰা হৈছে কেইবাটাও সন্ত্ৰাসবাদী শিবিৰ । কোনো কোনোৱে কৈছে যে এই অভিযানে পাকিস্তানৰ বুকুত আঘাত কৰিছে । আনহাতে বিশেষজ্ঞসকলৰ মতে পাকিস্তানে প্রত্যাক্রমণ কৰিব । কিন্তু কেনেকৈ?

অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ গোবিন্দ ছিছ’দিয়াৰ মতে পাকিস্তানে বিশেষ একো কৰিব নোৱাৰিব । কাৰণ তেওঁৰ মতে ভাৰতৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ পাকিস্তানৰ হাতত আৰ্থিক আৰু সামৰিক শক্তি নাই । বিশেষজ্ঞসকলৰ মতে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিব পাৰে, কিন্তু সেয়া মাত্ৰ প্ৰতীকী হ’ব । অৰ্থাৎ নকৰিলে নহয় ধৰণৰ! কাৰণ পাকিস্তানৰ আৰ্থিক ক্ষমতাও নাই কূটনৈতিক ক্ষমতাও নাই ।

অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা হয় সন্ত্ৰাসবাদীক । পাকিস্তানৰ কোনো সাধাৰণ ব্যক্তি আহত হোৱা নাই এই অভিযানত । লক্ষ্য আছিল একেবাৰে নিখুঁত । তথাপি পাকিস্তানে কান্দিছে সহানুভূতি বিচাৰি । তেওঁলোকে দাবী কৰে যে ভাৰতে নিয়ম ভংগ কৰি তেওঁলোকৰ বহু ক্ষতি কৰিছে । বিশেষজ্ঞসকলে কয় যে এই সকলোবোৰ যুক্তিৰে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ বাবে সহানুভূতি লাভ কৰিব পাৰে । ইতিমধ্যে পাকিস্তান হতাশ হৈ পৰিছে । গতিকে পাকিস্তানে হয়তো আন দেশৰ নেতাক নিজৰ পক্ষলৈ আকৰ্ষণ কৰাৰ উদ্যোগ ল’ব পাৰে ।

প্ৰথমে ড্ৰ’নেৰে নিখুঁতভাৱে লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা হৈছিল । তাৰ পিছত ভাৰতে যুদ্ধ বিমান আৰু ক্ষেপণাস্ত্ৰৰে সমগ্ৰ অভিযান চলাইছিল । প্ৰশ্ন উত্থাপন হয়, পাকিস্তানেও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ভাৰতক একে ধৰণে লক্ষ্য কৰি ল’বনে? তেওঁলোকৰ মূল লক্ষ্য কি হ’ব সেয়া স্পষ্ট হোৱা নাই ।

ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ পিছত পাকিস্তানে ‘Act of War’ ঘোষণা কৰিছিল । অৱশ্যে যুদ্ধৰ পৰা একেবাৰে বিৰত থকাৰ কথা বহুতে কৈছে । কিন্তু ভাৰতে উল্লেখ কৰিছে যে যদি পাকিস্তানে কোনো ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ভাৰতৰ ব্যৱস্থা অধিক কঠোৰ হ’ব । গতিকে যুদ্ধৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি ।

পাকিস্তানৰ ঘাটি ধ্বংস কৰি ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙিছে । কিন্তু সন্ত্ৰাসবাদীক পোহপাল দিয়া দেশত সন্ত্ৰাসবাদীৰ অভাৱ হৈছেনে? শ্লীপাৰ চেল বহুত আছে । সেইবোৰ শক্তি জাগ্ৰত হৈ পুনৰ পহলগাম বা মুম্বাই আক্ৰমণৰ দৰে সংঘটিত কৰিব নেকি, সেই শংকাও উদ্ভৱ হৈছে ।