এটা এপতেই এতিয়া সকলো সুবিধা, ৰে’লৰ টিকটৰ পৰা খাদ্য বুকিঙলৈ সকলো
ভাৰতীয় ৰে'লৱেই লৈ আহিছে RailOne এপ। ইয়াক অল ইন ৱান এপ বুলিও কোৱা হৈছে। ৰেলৰ টিকট বুকিং কৰাৰ পৰা আৰম্ভ কৰি পিএনআৰ চেক কৰালৈকে, খাদ্য বুকিং কৰাৰ পৰা যিকোনো সমস্যাৰ খবৰ দিয়ালৈকে - আপুনি সকলো সুবিধা পাব এই এপত।
এতিয়া আৰু ৰেলৰ টিকট কিনাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। ৰে’লযাত্ৰাৰ সময়ত খাদ্যৰ বাবেও আৰু কোনো চিন্তা কৰিব নালাগে। যাত্ৰীৰ বাবে ৰে’লসেৱা সহজ কৰি তুলিবলৈ আহিছে এটা নতুন এপ। ভাৰতীয় ৰে’লৱেই লৈ আহিছে RailOne এপ। ইয়াক অল ইন ৱান এপ বুলিও কোৱা হৈছে। ৰেলৰ টিকট বুকিং কৰাৰ পৰা আৰম্ভ কৰি পিএনআৰ চেক কৰালৈকে, খাদ্য বুকিং কৰাৰ পৰা যিকোনো সমস্যাৰ খবৰ দিয়ালৈকে – আপুনি সকলো সুবিধা পাব এই এপত।
মঙলবাৰে চেণ্টাৰ ফৰ ৰেলৱে’ ইনফৰ্মেচন চিষ্টেমৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সেইদিনাই এই এপটো মুকলি কৰে। ৰেল ওৱান এপটো চি আৰ আই এছৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।
এই এপটোত আপুনি ৰেলৰ টিকটৰ লগতে প্লেটফৰ্মৰ টিকটো ক্ৰয় কৰিব পাৰিব। এই এপৰ দ্বাৰা ৰেলখনৰ লাইভ ট্ৰেকিং অৰ্থাৎ ৰেলখন ক’ত আছে চাব পাৰিব। এই এপটোৰ জৰিয়তে ৰেলত খাদ্যও বুকিং কৰিব পাৰিব। যদি ৰে’লত কোনো সেৱাৰ বিৰুদ্ধে অভিযোগ থাকে, তেন্তে আগতে ৰে’ল প্ৰশাসনৰ জৰিয়তে খবৰ দিব লাগিছিল। এতিয়া এই এপটোৰ জৰিয়তে সেই কাম কৰিব পাৰিব।
এই নতুন এপটোৰ বিশেষত্ব হ’ল কোনটো ষ্টেচনৰ প্লেটফৰ্মত কোনটো দবা কোন ঠাইত ৰ’ব সেয়াও জানিব পাৰিব। সেই অনুসৰি যাত্ৰীসকলে তেওঁলোকৰ দবালৈ যাব পাৰিব। ইয়াৰ ফলত ভিৰ বহু পৰিমাণে কমি যাব। এই এপৰ পৰা টিকট বাতিল কৰিলে আপুনি ধন ঘূৰাই পাব পাৰে।