পাকিস্তান-বাংলাদেশক লগত লৈ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ চীনৰ

Jul 01, 2025 | 7:05 PM

১৯ তাৰিখে চীনৰ কুনমিঙত আয়োজিত এখন বৈঠকত বাংলাদেশ আৰু পাকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্রথমে এই বৈঠকত অংশগ্রহণ কৰিবলৈ চীনে ছার্কৰ অধীনত থকা দেশসমূহক আমন্ত্রণ জনাইছিল বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে ৷

ইউনুছ যুগৰ আৰম্ভণিৰে পৰা পাকিস্তান আৰু চীনৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছিল বাংলাদেশে। এইবাৰ পদ্মাৰ পাৰৰ এই দেশখনে তেওঁলোকৰ সৈতে আৰম্ভ কৰিছে মিত্ৰতা। কাৰ্যতঃ ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তৈয়াৰ কৰিছে ‘ভাৰত বিৰোধী’ ৰোডমেপ।

পাকিস্তানৰ এক্সপ্ৰেছ ট্ৰিবিউন নামৰ এখন কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৯ তাৰিখে চীনৰ কুনমিঙত আয়োজিত এখন বৈঠকত বাংলাদেশ আৰু পাকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্রথমে এই বৈঠকত অংশগ্রহণ কৰিবলৈ চীনে ছার্কৰ অধীনত থকা দেশসমূহক আমন্ত্রণ জনাইছিল বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে ৷ ভাৰত আৰু ছাৰ্কৰ বাহিৰেও এক নতুন আন্তঃৰাষ্ট্ৰীয় গোট গঠনৰ বাবে অনুষ্ঠিত হয় এই আলোচনা।

মন কৰিবলগীয়া যে ১৯৮৫ চনত ভাৰত, ভূটান, বাংলাদেশ, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকাকে ধৰি মুঠ সাতখন দেশে ছাৰ্ক গঠন কৰিছিল। জ্ঞাত সূত্ৰই জনোৱা মতে, ভাৰতে দক্ষিণ এছিয়াক মনত ৰাখি এই গোট গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল। পৰৱৰ্তী সময়ত আফগানিস্তানে এই আন্তঃৰাষ্ট্ৰীয় গোটত অষ্টম সদস্য হিচাপে যোগদান কৰে। ২০১৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হয় ছাৰ্কৰ সদস্যসকলৰ অন্তিমখন বৈঠক। তেতিয়াৰ পৰাই কাৰ্যতঃ নিষ্ক্ৰিয় হৈ পৰে ছাৰ্ক। সেই কথা মনত ৰাখিয়েই চীনে ভাৰতক আঁতৰাই ৰাখি কৰি নতুন গোট গঠনৰ কথা ভাবিছে বুলি চৰ্চা চলিছে?