আৰু মাত্ৰ কেইটামান দিন, বন্ধ হ’ব UPIৰ এই বিশেষ সেৱা

Aug 16, 2025 | 9:41 PM

ডিজিটেল পে’মেণ্টৰ ক্ষেত্ৰত প্ৰায়ে প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহে। এনে প্ৰৱঞ্চনা তথা ডিজিটেল জালিয়াতি ৰোধ কৰাৰ বাবে NPCI- এ এতিয়া এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে।

দেশৰ সৰ্বপ্ৰান্তত এতিয়া ডিজিটেল পে’মেণ্টৰ সুবিধা উপলব্ধ। নগদ নেলদেন হ্ৰাস কৰি ডিজিটেল ইণ্ডিয়া ধাৰণাৰ আধাৰত অনলাইন পে’মেণ্টৰ বাবে উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ এতিয়া ফলপ্ৰসূ হোৱা বুলিব পাৰে। এনে কাৰণতে এতিয়া দেশৰ চহৰ অঞ্চলৰ লগতে গাঁও অঞ্চলতো ডিজিটেল পে’মেণ্ট ব্যৱস্থা ব্যাপক ৰূপে প্ৰচলিত। ডিজিটেল পে’মেণ্টৰ ক্ষেত্ৰত এক প্ৰধান মাধ্যম হৈছে ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ, চমুকৈ UPI।

এই UPI নেচনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়াই (NPCI) পৰিচালনা কৰে। ডিজিটেল পে’মেণ্টৰ ক্ষেত্ৰত প্ৰায়ে প্ৰৱঞ্চনাৰ ঘটনাও পোহৰলৈ আহে। এনে প্ৰৱঞ্চনা তথা ডিজিটেল জালিয়াতি ৰোধ কৰাৰ বাবে NPCI- এ এতিয়া এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে। প্ৰকাশিত তথ্য অনুসৰি নেচনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়াই ১ অক্টোবৰৰ পৰা peer-to-peer (P2P) Collect requests’ সেৱা বন্ধ কৰিবলৈ সাজু হৈছে