বেংকৰ একাউন্টত নিজৰ ফোন নম্বৰ সংযোগ নাথাকিলে পৰিব বিপদত!

Sep 19, 2025 | 8:10 PM

UPI: আজিকালি প্ৰায়ভাগ মানুহে ইউ পি আই ব্যৱহাৰ কৰে। কিন্তু যিমানেই সকলো বস্তু ডিজিটেল হৈ গৈছে সিমানেই যেন বিপদো বাঢ়িছে। যাৰ বাবে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে ন ন পদক্ষেপ গ্ৰহণ কৰে।

আপোনাৰ বেংক একাউন্টত নিজৰ নম্বৰ সংযোগ আছেনে? যদি নাই তেন্তে বিপদত পৰিব পাৰে। কিয়নো প্ৰৱঞ্চনা ৰোধ কৰিবলৈ বিভিন্ন সময়ত বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে ন ন পদক্ষেপ গ্ৰহণ কৰে। এইবাৰ আন এক পদক্ষেপ গ্ৰহণ কৰিব পাৰে। তেনে ক্ষেত্ৰত যদি আপোনাৰ ফোন নম্বৰ বেংকৰ একাউন্টৰ সৈতে সংযোগ নাই তেন্তে বিপদ হ’ব পাৰে।

উল্লেখ্য যে, বৰ্তমান প্ৰায় সকলো লেনদেন ডিজিটেল মাধ্যমৰ যোগেদি হয়। ১০-২০ টকাৰ পৰা আৰম্ভ কৰি লাখ টকাৰ লেনদেন  হয় ইউ পি আইৰ যোগেদি। কিন্তু ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে প্ৰৱঞ্চকৰ সংখ্যাও। নিতৌ প্ৰৱঞ্চকসকলে ন ন পদক্ষেপ গ্ৰহণ কৰি প্ৰৱঞ্চনা কৰে। মাত্ৰ এটা ক্লিকতে আপুনি হেৰুৱাব পাৰে লাখ লাখ টকা।

এনে অৱস্থাত বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে ন ন পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ইউ পি আই সেৱা প্ৰদান কৰা বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে এয়া নিশ্চিত কৰিব যে বেংকৰ একাউন্টত থকা মোবাইল নম্বৰ প্ৰকৃততে গ্ৰাহকৰ হয় নে নহয়।