নতুন দিল্লীত অসম দিৱস উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
চাওলুং ছ্যুকাফাৰ বলিষ্ঠ নেতৃত্ব, পৰাক্ৰম, কৰ্মসংস্কৃতি আৰু সমন্বয়ৰ গাঁথাই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসমৰ ভেটি স্থাপন কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অহা চাওলুং ছ্যুকাফাই গঢ় দিছিল বৰ অসমৰ ভেটি। আজি নতুন দিল্লীত চাওলুং ছ্যুকাফাৰ পৰাক্ৰম সুঁৱৰি অসম দিৱস উদযাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আজি অসম দিৱস। অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা হয় এই দিৱস। ১২২৮ চনৰ এই দিনটোতে তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দ’ন চ’ন খাম স্থাপন কৰিছিল। সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।