শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেম্পাৰৰ ধুমুহাত জোকাৰণি ক্ৰিকেট বিশ্বত, ২২ গজত দেখা গ’ল বিৰল দৃশ্য

monjit-dutta
Monjit Dutta | Published: 11 Jul 2025 22:43 PM

ক্ৰিকেটত এগৰাকী বলাৰৰ বাবে ক্ৰমাগত পাঁচ বলত পাঁচ উইকেট দখল কৰাটো একপ্ৰকাৰে অভাৱনীয় কথা। পিছে অসম্ভৱ যেন লাগিলেও আয়াৰলেণ্ডৰ এগৰাকী বলাৰে এই কৃতিত্ব অৰ্জন কৰি সমগ্ৰ ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি তুলিছে।

ক্ৰিকেটত ক্ৰমাগত তিনিটা বলত তিনিটা উইকেট দখল কৰিলে হেট্ৰিক অৰ্জন কৰা বুলি কোৱা হয়, সেয়া আমি সকলোৱে জানো। একেদৰে ক্ৰমাগত চাৰিটা উইকেট দখল কৰিলে সেয়া হৈ পৰে ডাবল হেট্ৰিক। অৱশ্যে ডাবল হেট্ৰিকৰ কথা বাদেই, সাধাৰণতে এগৰাকী বলাৰে কাচিৎ কেতিয়াবাহে হেট্ৰিক দখলৰ কৃতিত্ব অৰ্জন কৰে। তেনে পৰিস্থিতিত ক্ৰমাগত পাঁচ বলত পাঁচ উইকেট দখল একপ্ৰকাৰে অভাৱনীয় কথা।

কিন্তু অভাৱনীয় কথাটিকে ২২ গজত সম্ভৱপৰ কৰি তুলিলে কেম্পাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নহ’লেও সম্পূৰ্ণ পেছাদাৰী ক্ৰিকেটত এই অভিলেখ ৰচনা কৰিছে আইৰিচ পেচাৰগৰাকীয়ে। আয়াৰলেণ্ডৰ এই পেচ বলিং অলৰাউণ্ডাৰগৰাকীয়ে পেছাদাৰী ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এনে বিৰল কৃতিত্ব অৰ্জন কৰিছে।