ভাল খবৰ! ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত দীপাৱলী…

Dec 10, 2025 | 10:26 PM

Diwali: দেশবাসীৰ বাবে এক ভাল খবৰ। পোহৰৰ উৎসৱ দীপাৱলীয়ে স্থান লাভ কৰিছে ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সন্মানীয় তালিকাত। এই খবৰৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্নজনে সুখ প্ৰকাশ কৰে।

ভাৰতবাসীয়ে বুধবাৰৰ দিনটোত লাভ কৰিলে এক ভাল খবৰ। ভাৰতৰ সৰ্ববৃহৎ পাৰম্পৰিক তথা সাংস্কৃতিক উৎসৱ দীপাৱলীক আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছে ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সন্মানীয় তালিকাত। ইউনেস্কোৰ আন্তঃচৰকাৰী সমিতিৰ ২০ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈ থকাৰ সময়তে দিল্লীৰ লালকিল্লাৰ পৰা আজি এই ঘোষণা কৰা হয়।

এই কথা ঘোষণা কৰি ছ’চিয়েল মিডিয়াত ভাৰতক অভিনন্দন জনাইছে ইউনেস্ক’ই। ভাৰতকে ধৰি আন কেইবাখনো দেশৰ সাংস্কৃতিক আইকনকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। দীপাৱলীৰ পূৰ্বে ১৫টা ভাৰতীয় সাংস্কৃতিক উপাদান ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত।

১০ ডিচেম্বৰত দীপাৱলীক বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে ইউনেস্ক’ই। ইয়াৰ পূৰ্বে আন ১৫টা পৰম্পৰা অন্তৰ্ভুক্ত কৰা হৈছিল। এই তালিকাত ১৬ সংখ্যক স্থান লাভ কৰিছে দীপাৱলীয়ে। এতিয়ালৈকে কুম্ভমেলা, যোগ, বৈদিক জপ, ৰামলীলা, কলকাতাৰ দুৰ্গা পূজা, গৰ্বা, কেৰেলাৰ মুদিয়েত্তু, ছৌ নৃত্য, হিমালয়ৰ বৌদ্ধ জপৰ পৰম্পৰা, নৱৰোজ, সংক্ৰান্তি, পোংগল, বৈশাখী আদি উৎসৱ অন্তৰ্ভুক্ত কৰা হৈছিল।

ইউনেস্ক’ৰ এই সিদ্ধান্তক লৈ সুখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ লিখিছে যে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ মানুহ এই খবৰ পাই উৎফুল্লিত আৰু গৌৰৱান্বিত। আমাৰ বাবে দীপাৱলী কেৱল উৎসৱ নহয়, আমাৰ সংস্কৃতি আৰু আমাৰ মূল্যবোধৰ সৈতে গভীৰভাৱে জড়িত। ই আমাৰ সভ্যতাৰ আত্মা। ই পোহৰ আৰু ধাৰ্মিকতাৰ প্ৰতীক।

তেওঁ আৰু লিখিছে যে ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত দীপাৱলীৰ অন্তৰ্ভুক্তিয়ে এই উৎসৱক বিশ্বজুৰি আৰু অধিক জনপ্ৰিয় কৰি তুলিব। ভগৱান শ্ৰীৰামৰ আদৰ্শই আমাক চিৰদিনৰ বাবে পথ প্ৰদৰ্শন কৰি যাওক।