Twinkle Khanna, Bollywood News: সন্মুখত অক্ষয় কুমাৰ, পৰকীয়া প্ৰেমক লৈ এইদৰে ক’লে টুইংকলে…

Dec 03, 2025 | 11:06 PM

শেহতীয়াকৈ টুইংকলে বিবাহ বহিৰ্ভূত প্ৰেমৰ বিষয়ে এটা মন্তব্য কৰিছিল, যিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। ছ’চিয়েল মিডিয়াৰ এটা অংশই টুইংকলক তেওঁৰ সেই মন্তব্যৰ বাবে সমালোচনা কৰিছিল।

টুইংকলে প্ৰতিটো কথা স্পষ্টকৈ মুক্ত মনেৰে কয়। মনলৈ যি ভাৱ আহে, সেই ধৰণে কথা কয় টুইংকলে। অক্ষয় কুমাৰেও এই কথা স্বীকাৰ কৰে যে, টুইংকল খান্নাৰ জীৱন দৰ্শন তেওঁৰ চিন্তাই ঢুকি পোৱাটো কঠিন। টুইংকলৰ বাবে কিছুমান সহজ কাম কঠিন হৈ পৰে আৰু কঠিন কাম সহজ হৈ পৰে। আনকি সম্পৰ্কৰ ওপৰত টুইংকলৰ চিন্তাও সম্পূৰ্ণ সাধাৰণ সমীকৰণৰ বাহিৰত।

শেহতীয়াকৈ টুইংকলে বিবাহ বহিৰ্ভূত প্ৰেমৰ বিষয়ে এটা মন্তব্য কৰিছিল, যিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। ছ’চিয়েল মিডিয়াৰ এটা অংশই টুইংকলক তেওঁৰ সেই মন্তব্যৰ বাবে সমালোচনা কৰিছিল। অৱশ্যে সেই বিতৰ্কৰ অন্ত পেলাবলৈ এতিয়া নিজে গ্ৰাউণ্ডত নামিছে টুইংকলে ।