সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰক লৈ বিজেপি নেতা অমিত মালব্যৰ বিৰুদ্ধে গোচৰ দাখিল টিএমচি নেতা তন্ময় ঘোষৰ
টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তন্ময় ঘোষে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে মালব্যৰ এই মন্তব্য বিভ্ৰান্তিকৰ, উত্তেজনামূলক আৰু বাংলাদেশৰ ইছলামিক হিংসা আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধীনত শাসন ব্যৱস্থাৰ মাজত তুলনাৰে অশান্তিৰ সৃষ্টি কৰাৰ লক্ষ্যৰে কৰা হৈছে।
বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক লৈ আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে তৃণমূল কংগ্ৰেছে। য’ত তেওঁ বাংলাদেশৰ শেহতীয়া উত্তেজনাৰ তুলনা পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতিৰ সৈতে কৰিছে বুলি শুকুৰবাৰে দলৰ নেতাসকলে প্ৰকাশ কৰে।
টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তন্ময় ঘোষে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে মালব্যৰ এই মন্তব্য বিভ্ৰান্তিকৰ, উত্তেজনামূলক আৰু বাংলাদেশৰ ইছলামিক হিংসা আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধীনত শাসন ব্যৱস্থাৰ মাজত তুলনাৰে অশান্তিৰ সৃষ্টি কৰাৰ লক্ষ্যৰে কৰা হৈছে।
মালব্যৰ ই এক্সৰ এটা পোষ্টত পশ্চিম বংগক বাংলাদেশৰ একেধৰণৰ পথত থকা বুলি চিত্ৰিত কৰিবলৈ বিচাৰিছিল। এই কাণ্ডক সংবাদ মাধ্যম, সাংবাদিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণৰ বহল আৰ্হিৰ অংশ বুলি অভিহিত কৰি মালব্যই লিখিছে, “যোৱা নিশা ইছলামিক গোটে ঢাকাৰ ঐতিহাসিক প্ৰতিষ্ঠান তথা বাঙালী কলা-সংস্কৃতিৰ মূল শিলাস্তম্ভ ছয়নাউত ভৱন ভাঙি লণ্ডভণ্ড কৰে।”
ইয়াক “এটা সতৰ্কবাণী” বুলি অভিহিত কৰি মালব্যই কয় যে, যেতিয়া উগ্ৰবাদক শান্ত কৰা হয় আৰু আইন-শৃংখলাহীনতা স্বাভাৱিক হয় তেতিয়া সমাজসমূহ উন্মোচিত হয়। তাৰ পিছত তেওঁ পশ্চিম বংগৰ সৈতে প্ৰত্যক্ষ তুলনা কৰে।
বছৰ বছৰ ধৰি ৰাজনৈতিক পৃষ্ঠপোষকতা, প্ৰতিষ্ঠানসমূহৰ খহনীয়া আৰু “নিৰ্বাচিত মৌনতা”ৰ অভিযোগ উত্থাপন কৰি মালব্যই কয় , “এই কাৰণেই মমতা বেনাৰ্জীৰ অধীনত পশ্চিম বংগৰ ট্ৰেজেক্টৰী গভীৰভাৱে চিন্তনীয়।” তেওঁ লগতে কয়, “২০২৬ চনৰ পাছতো যদি মমতা বেনাৰ্জীৰ জৰাজীৰ্ণ শাসন ব্যৱস্থা চলি থাকে তেন্তে বংগৰ বাবে ইয়াৰ পৰিণতি অপ্ৰত্যাৱৰ্তনীয় হ’ব।”