Assam News: ছত্তীশগড়ৰ ৰে’ল দুৰ্ঘটনাৰ পৰা দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ দিনটোৰ শীৰ্ষ খবৰ

| Nov 04, 2025 | 11:04 PM

মেৰাপানীত লোমহৰ্ষক কাণ্ড। পত্নীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে স্বামীয়ে। চাউদাং পথাৰ দ-চুক গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। আন মহিলাৰ সৈতে স্বামীৰ অনৈতিক সম্পৰ্ক থকাৰ সন্দেহতে এই ঘটনা সংঘটিত কৰে পত্নীয়ে। স্বামীক হত্যা কৰি নিজে বিহপান কৰে মহিলাগৰাকীয়ে।

১. ছত্তীশগড়ৰ বিলাসপুৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। জয়ৰাম নগৰ ষ্টেচনৰ সমীপত এখন যাত্ৰীবাহী ট্ৰেইন আৰু এখন মালগাড়ীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ৬ গৰাকী যাত্ৰীৰ মৃত্যু হয়। তাৰোপৰি আহত হয় প্ৰায় ৩ গৰাকী যাত্ৰী। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

২. পঞ্চভূতত বিলীন বাঁহীবাদক দীপক শৰ্মা। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দীপক শৰ্মাই সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰায় ১০০ গৰাকী বাঁহী বাদকে বাঁহী বজাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শিল্পীগৰাকীক।

৩. তিনিচুকীয়াৰ বৰডুবিত জঘন্য় ঘটনা। তিনি ব্যক্তিৰ কামনাৰ বলি এগৰাকী নাবালিকা। চাৰিআলি বাগানত সংঘটিত হৈছে এই ঘটনা। স্কুলৰ পৰা উভতি অহাৰ সময়তেই নাবালিকাগৰাকীৰ সৈতে এই জঘন্যকাণ্ড সংঘটিত কৰে তিনিজন ব্যক্তিয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

৪. মেৰাপানীত লোমহৰ্ষক কাণ্ড। পত্নীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে স্বামীয়ে। চাউদাং পথাৰ দ-চুক গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। আন মহিলাৰ সৈতে স্বামীৰ অনৈতিক সম্পৰ্ক থকাৰ সন্দেহতে এই ঘটনা সংঘটিত কৰে পত্নীয়ে। স্বামীক হত্যা কৰি নিজে বিহপান কৰে মহিলাগৰাকীয়ে।

৫. জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা তিনি নবেম্বৰৰ পৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কিন্তু প্ৰথম দিনটোত কোনো লোকে সাক্ষ্য প্ৰদানৰ বাবে আগুৱাই নাহিল। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে ৰাইজৰ সঁহাৰি বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।

৬. গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জালনোট আৰু নকল সোণ সদৃশ সামগ্ৰী জব্দ। ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনকৈ লোকক। গ্ৰেপ্তাৰ কৰা লোক তিনিজন হৈছে ছত্তীশগড়ৰ বিনোদ, নৰেশ আৰু চাংসাৰিৰ আজিম আলী। আজিমৰ পৰা নকল সোণ ক্ৰয় কৰাৰ সময়তেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওকে।

লগতে চাওক দিনটোৰ আন গুৰুত্বপূৰ্ণ খবৰসমূহ…