Top9 News: ৰাজ্যৰ কোন প্ৰান্ত কি হ’ল? চাওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

Jan 12, 2026 | 10:33 PM

Top9 News: ন কংগ্ৰেছা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক লৈ সমগ্ৰ ৰাজ্যতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি এই মন্তব্যৰ বিৰোধিতা কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য অপমান আৰু উচতনিমূলক বুলি কয়।

শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিছে আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰে। যোগদান কৰিয়েই তেওঁ ধুবুৰীক শিৱসাগৰ আৰু শিৱসাগৰক ধুবুৰী বনাব বুলি মন্তব্য কৰে। যাৰ পাছত ইয়াক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিভিন্নজনে সৰকাৰৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে এই মন্তব্যক লৈ ক্ষমা খুজিছে ন-কংগ্ৰেছীগৰাকীয়ে।

ৰেজাউল কৰিমৰ মন্তব্যক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী। এই মন্তব্যক গৰিহনা দি শৰ্মাই কয় যে, বাংলাদেশৰ পৰা পূৰ্বপুৰুষে প্ৰব্ৰজন কৰা কংগ্ৰেছ নেতাৰ এনে মন্তব্য কৰাৰ অধিকাৰ নাই।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হেঁপাহৰ ভোগালী বিহুক লৈ ব্যাপক উছাহ। ইতিমধ্যে সকলোৱে আৰম্ভ কৰিছে নিজা নিজা প্ৰস্তুতি। কাইলৈ সমগ্ৰ অসমবাসীয়ে পালন কৰিব হেঁপাহৰ উৰুকা। নিশা সকলোৱে লগ হৈ এসাঁজ খাব।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…