Zubeen Garg: জুবিন গাৰ্গ ন্যাস গঠনৰ পৰা উদাসীন ভকতৰ বাবে আঁচনিলৈ দিনটোৰ শীৰ্ষ খবৰ

| Jan 02, 2026 | 9:06 PM

নগাঁও জিলাৰ যমুনামুখ মৌদাংগা সংৰক্ষিত বনাঞ্চলত ২ জানুৱাৰীত ডবকা প্ৰশাসনে আৰম্ভ কৰে বৃহৎ উচ্ছেদ অভিযান। কিন্তু AIUDF ৰ নেতা বিলাল উদ্দিনে এই অভিযানত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলায়। বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি অহা প্ৰায় ৬ হাজাৰ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি পুনৰ উদ্ধাৰৰ বাবে চলোৱা হৈছে এই উচ্ছেদ অভিযান। এই অভিযানৰ ফলত প্ৰায় ১২৫০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।

১. নতুন বছৰৰ দ্বিতীয় দিনটোত অসম চৰকাৰে প্ৰৱৰ্তন কৰিলে আন এখন আঁচনি। উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিৰ অধীনত প্ৰতিমাহে ১,৫০০ টকাকৈ লাভ কৰিব উদাসীন ভকতসকলে। আজি লোকসেৱা ভৱনত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকত আৰ্থিক সাহাৰ্য লাভ কৰিব।
২. অসম চৰকাৰে গঠন কৰিব অষ্টম দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ পদাংক অনুকৰণ কৰি নিজাকৈ অষ্টম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য হ’ব অসম। ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক এই নবগঠিত আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ পূৰ্বে ২০১৫ চনত অসমে অন্তিমবাৰৰ বাবে দৰমহা আয়োগ গঠন কৰিছিল।

৩. নগাঁও জিলাৰ যমুনামুখ মৌদাংগা সংৰক্ষিত বনাঞ্চলত ২ জানুৱাৰীত ডবকা প্ৰশাসনে আৰম্ভ কৰে বৃহৎ উচ্ছেদ অভিযান। কিন্তু AIUDF ৰ নেতা বিলাল উদ্দিনে এই অভিযানত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলায়। বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি অহা প্ৰায় ৬ হাজাৰ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি পুনৰ উদ্ধাৰৰ বাবে চলোৱা হৈছে এই উচ্ছেদ অভিযান। এই অভিযানৰ ফলত প্ৰায় ১২৫০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।

৪. বিহু আৰু ঝুমুৰ নৃত্যৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ আন এক বৃহৎ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। বিশ্ববাসীৰ সন্মুখত এইবাৰ বড়ো জনজাতিৰ গৌৰৱময় লোকনৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। শিল্পী দিৱসৰ দিনটোতে, অৰ্থাৎ অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

৫. অপাৰধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। ২০২৫ চনৰ ভিতৰত গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত মুঠ ৫,৭৮৬ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত ৭,৪১২ টা আৰু ২০২৩ চনত ৯,৩৯৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। বছৰৰ শেষলৈকে মুঠ ২,৮৮২ টা গোচৰ বিচাৰাধীন হৈ আছে। মহানগৰ আৰক্ষীয়ে জনাইছে এই তথ্য।

৬. কামৰূপ ক্ষেত্ৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভায়েকৰ প্ৰহাৰত প্ৰাণ গ’ল ককায়েকৰ। দুই ভাতৃয়ে ইটাৰে মৰিয়াই মৰিয়াই হত্যা কৰে জ্যেষ্ঠ ভাতৃক। অতি সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত হয় এই কৰুণ ঘটনা।

সবিশেষৰ বাবে চাওক…