Assam News: কোকৰাঝাৰৰ উত্তেজনাৰ পৰা বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতিলৈ দিনটোৰ শীৰ্ষ খবৰ

Jan 20, 2026 | 11:00 PM

আজি ১৪ জানুৱাৰী, ২০২৬, মঙলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:

১. এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত কোকৰাঝাৰ। কাৰিগাঁৱত যোৱা নিশা সংঘটিত এটা দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন চাৰিজনকৈ লোক। তাৰ পাছতেই একাংশ ক্ষুব্ধ লোকে জ্বলাই দিয়ে এখন বাহন। এই ঘটনাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। আজি পৰিস্থিতি জটিল হৈ পৰাত শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় আৰক্ষী।

২. কোকৰাঝাৰৰ উত্তেজনাক দুৰ্ভাগ্যজনক আখ্যা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। ভুল বুজাবুজিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয় নেতাগৰাকীয়ে। ইয়াৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত থাকিব পাৰে বুলিও উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। সকলোকে শান্তি বজাই ৰখাৰ আহ্বান হাগ্ৰামাৰ।

৩. গুৱাহাটীৰ গণেশপাৰাত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। পিস্তল আৰু ডেগাৰ দেখুৱাই এজন ব্যৱসায়ীৰ ঘৰত লুটপাত চাৰিজনীয়া ডকাইতৰ দলৰ। ব্যৱসায়ী অনিল ডেকাৰ পত্নীক বন্দুক দেখুৱাই ডিঙিত ডেগাৰ ৰাখি নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুটি নিয়ে ডকাইতে। মহিলাগৰাকীক বচাবলৈ চেষ্টা কৰা তেওঁলোকৰ গাড়ী চালককো বন্দী কৰে ডকাইতৰ দলটোৱে।

৪. মহানগৰী মঠঘৰীয়াত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান। মঠঘৰীয়া বড়ো চকৰ ২১৩ নং ঘৰত চলে এই অভিযান। এই ঘৰটো হৈছে DFO কুশল কুমাৰ ডেকাৰ। বন বিষয়াজনৰ বিৰুদ্ধে বিৰুদ্ধে ০১/২০২৬ গোচৰ নম্বৰত আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহৰ অভিযোগত ৰুজু হৈছিল গোচৰ। তাৰ পাছতেই আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে অভিযান চলাই ডেকাৰ গৃহত।

৫. মৰিয়নীত অস্ত্ৰসহ আটক দুই নগা যুৱক। মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ পৰা আৰক্ষীয়ে আটক কৰে দুই নগা যুৱকক। ধৃত যুৱক দুজন NSCN ৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। তেওঁলোকৰ পৰা ১৬ জাঁই সজীৱ গুলিসহ এটা মাৰণস্ত্ৰৰ লগতে নিচাযুক্ত ঔষধ উদ্ধাৰ কৰে আৰক্ষীয়ে। ধৃত লোক কেইজন ডিমাপুৰৰ পৰা মোককচাং জিলাৰ মাংকলোম্বা লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’….