Assam News: অসম দিৱস উদযাপনৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনিলৈ দিনটোৰ শীৰ্ষ খবৰ
আজি অসম দিৱস। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাক। ৰাজ্যৰ বিভিন্ন স্থানত টাই-আহোমসকলৰ পৰম্পৰাৰে পালন কৰা হয় অসম দিৱস। নাজিৰাত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন।
১. সলনি হ’ল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম। এতিয়াৰে পৰা সেৱা তীৰ্থ নামেৰে জনা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক। একেদৰে ৰাজভৱনৰ নাম সলনি কৰা হৈছে লোক ভৱন হিচাপে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনিৰ লক্ষ্য হৈছে শাসন ব্যৱস্থাত সেৱাৰ মনোভাৱক প্ৰসাৰিত কৰা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ নাম সলনি কৰা হৈছিল “লোক কল্যাণ মাৰ্গ”।
২. আজি অসম দিৱস। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাক। ৰাজ্যৰ বিভিন্ন স্থানত টাই-আহোমসকলৰ পৰম্পৰাৰে পালন কৰা হয় অসম দিৱস। নাজিৰাত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন।
৩. চাওলুং চুকাফাই কল্পনা কৰাৰ দৰে এখন শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ’ব। অসম দিৱসৰ দিনটোত এই অংগীকাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম দিৱসৰ দিনটোক শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীয়ে।
৪. ডিমা হাছাওত বিদ্ৰোহী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী। এই গুলীয়াগুলীত নিহত হয় এজন বিদ্ৰোহী সংগঠনৰ সদস্য। মৃত কেডাৰজন মাৰ পিপলচ কনভেচন ডেমক্ৰেটিকৰ সদস্য। তেওঁৰ নাম মোদী মাৰ ওৰফে মেমো বুলি জানিব পৰা গৈছে।
৫. আজি দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হৈছে অসমৰ কেবাগৰাকীও কংগ্ৰেছ নেতা। বিয়লি ৪ বজাৰ পৰা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবেই এই বৈঠক অনুষ্ঠিত হোৱা বুলি ধাৰণা কৰা হৈছে।
