সোণোৱালৰ কনভয় দুৰ্ঘটনাত পতিতৰ পৰা ভেনিজুৱেলালৈ, দিনটোৰ খবৰ…

Jan 04, 2026 | 9:20 PM

Top9 News: ভেনিজুৱেলাই লাভ কৰিছে নতুন ৰাষ্ট্ৰপতি। শনিবাৰে আমেৰিকাই আক্ৰমণ কৰি পণবন্ধী কৰে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক। ইয়াৰ পাছতে ডেলচি ৰড্ৰিগেজক ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়ে।

আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাত পতিত হয়। এই ঘটনাৰ ফলত কেইবাজনো আৰক্ষী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, কনভয়ৰ এখন বাহনে ৰখাই থোৱা বাহন এখনত খুন্দা মাৰে, যাৰ ফলত এই ঘটনা  সংঘটিত হয়। অৱশ্যে কথমপি ৰক্ষা পৰে সোণোৱাল থকা বাহনখন।

ভেনিজুৱেলাৰ ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে। শনিবাৰে আমেৰিকাই দেশখনত আক্ৰমণ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু  তেওঁৰ পত্নীক পণবন্দী কৰে। এই কাণ্ডৰ পাছতে বিশ্বত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চীন আৰু ৰাছিয়াৰ দৰে দেশে ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ মাজতে ভেনিজুৱেলাই লাভ কৰিছে নতুন ৰাষ্ট্ৰপতি।

ইফালে ভাৰতেও এই ক্ষেত্ৰত গভীৰ চিন্তা প্ৰকাশ কৰিছে। লগতে ভেনিজুৱেলাত থকা ভাৰতীয়সকলক সাৱধানে থকাৰ আহ্বান জনাইছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…