Top9 News: অখিল গগৈৰ অভিযোগৰ পৰা বিজেপিৰ প্ৰত্যুত্তৰলৈ, দিনটোৰ খবৰ…

Jan 07, 2026 | 10:44 PM

Top9 News: অসমৰ নিৰ্বাচনক লৈ সাজু হৈ উঠিছে প্ৰতিটো দল-সংগঠন। ইয়াৰ মাজতে অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে আনিছে বহু অভিযোগ। ইফালে কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছে যুটীয়া সচিব শ্বাহনেৱাজ আহমেদক।

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু খবৰ পোহৰলৈ আহিছে। অসমত বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰ গৰম হৈ আছে। কিয়নো আহি আছে বিধানসভা নিৰ্বাচন। ইয়াকে লৈ সাজু হৈছে প্ৰতিটো দল-সংগঠন। ইয়াৰ মাজতে বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। গগৈয়ে দাবী কৰা অনুসৰি, বিজেপিয়ে SR ত হস্তক্ষেপ কৰিছে। বহুতো বৈধ নাম কৰ্তন কৰিছে। ইফালে ইয়াৰ প্ৰত্যুত্তৰ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ কয় যে, অখিল গগৈৰ কথা অৰ্থহীন।

বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাত্মক ঘটনা। ইয়াৰ মাজতে এই কথাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, এই কথা অসমৰ বাবেও চিন্তাৰ কাৰণ। অসমত জেহাদী আছে বুলি শংকা প্ৰকাশ শৰ্মাৰ।

সবিশেষৰ বাবে চাওক ভিডিঅ’…