নিযুক্তিৰ ঘোষণাৰ পৰা বিৰাট কোহলীৰ শতকলৈ দিনটোৰ শীৰ্ষ খবৰ…

Dec 03, 2025 | 10:48 PM

Top9 News: আজিৰ দিনটোত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বহু ধৰণৰ ঘটনা সংঘটিত হয়। অসমত পুনৰ ওলাব চাকৰি। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ মন্তব্য কৰে। তেওঁ কয় যে, আৰক্ষীত ওলাব চাকৰি।

পুনৰ অসম আৰক্ষীত ওলাব চাকৰি। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  বিশেষ মন্তব্য কৰে। তেওঁ কয় যে, পুনৰ অসম আৰক্ষীত ৫০০০ তকৈ অধিক পদৰ বাবে চাকৰি ওলাব। ইয়াৰ ফলত নিবনুৱাৰ মুখত হাঁহি বিৰিঙিব। ইফালে মুখ্যমন্ত্ৰীয়ে ৰন্ধন গেছৰ ক্ষেত্ৰত ৰেহাই ঘোষণা কৰে। শৰ্মাই কয় যে,অৰুণোদয় লাভ কৰাসকলে ৰন্ধন গেছৰ ক্ষেত্ৰত ৩০০ টকাৰ ৰেহাই লাভ কৰিব।

ইফালে আজি বিৰাট কোহলীয়ে ৱান ডে ক্ৰিকেটত ৰেকৰ্ড গঢ়ে। ৰায়পুৰত বিৰাটে ৫৩ সংখ্যক এদিনীয়া শতক কৰে। একেৰাহে কোহলীয়া এয়া দ্বিতীয়টো শতক। শেষৰটো শতক তেওঁ ৰাঁচীত কৰিছিল। ইয়াৰ লগে লগে বিৰাট কোহলীয়ে কেইবাটাও ৰেকৰ্ড ভংগ কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়াত কোহলীয়ে এই কৰ্তৃত্ব অৰ্জন কৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…