শ্বহীদ দিৱসৰ পৰা লোকসভাত SIR বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ…
Top9: আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱসৰ কাৰ্যসূচী। প্ৰতিবছৰে ১০ ডিচেম্বৰৰ দিনটো অসমত শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটোত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
আজি ১০ ডিচেম্বৰ। প্ৰতিবছৰে অসমত এই দিনটোত শ্বহীদ দিৱস পালন কৰা হয়। এইবাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে এই দিৱস অনুষ্ঠিত কৰে। এই সময়চোৱাত গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰা হয়। এই ক্ষেত্ৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ আদি উপস্থিত থাকে।
আজি টীয়কত সংঘটিত হয় এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা। এটা কোঠাত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে পিতৃক আঘাত প্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয়।
এছ আই আৰ সন্দৰ্ভত আজি পুনৰ লোকসভাত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছক লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, নেহৰুৰ শাসনকালত তিনিবাৰ আৰু কংগ্ৰেছৰ শাসন কালত মুঠ ১১ বাৰ এছ আই আৰ কৰা হৈছিল।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
