অজিত পাৱাৰৰ অকাল মৃত্যুৰ পৰা ভাৰত-নিউজীলেণ্ডৰ টি-২০ লৈ দিনটোৰ শীৰ্ষ খবৰ…

| Jan 28, 2026 | 8:35 PM

Top9 News: আজি অসমৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা সংঘটিত হয়। এন চি পি নেতা অজিত পাৱাৰৰ মৃত্যুই আজি দেশত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। বিভিন্নজনে জনাইছে সমবেদনা।

আজি মহাৰাষ্ট্ৰত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ লগতে ৫ জন লোকে প্ৰাণ হেৰুয়ায়। এই কাণ্ডই সমগ্ৰ দেশৰ ৰাজনীতি জগতত এক শোকৰ পৰিবেশৰ সৃষ্টি কৰিছে। বিভিন্নজন ইয়াৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে। পুনেৰ বাৰামাটিত এখন জনসভাত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

ইফালে আজি ৰাজ্যত কংগ্ৰেছে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে। এছ আৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি একাংশই বিভিন্ন শ্লোগান দিয়ে। এই প্ৰতিবাদী অনুষ্ঠানত বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা নন্দিতা দাস, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, জিলাৰ সভাপতি প্ৰাঞ্জিত চৌধুৰী, APCCৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাকে ধৰি বহুকেইজন কংগ্ৰেছৰ নেতা উপস্থিত থাকে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…