ৰাজ্যৰ পৰা বিশ্বলৈ,আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

Jul 06, 2025 | 10:58 PM

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। যোৱা এপ্ৰিল মাহৰ পৰা GMCH ত মৃত্যুবৰণ কৰিছে ১৩ জন লোকে। বিশেষকৈ কামৰূপ, নলবাৰী, দৰং আদি জিলাৰ পৰা এই ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰিছে।

১)বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীৰ মৃত্যু। যোৱা নিশা প্ৰায়  ২.৩৩ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে  ভৰালীয়ে।

২)ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। যোৱা এপ্ৰিল মাহৰ পৰা GMCH ত মৃত্যুবৰণ কৰিছে ১৩ জন লোকে।

৩)আজি ৬ জুলাইত মুকলি হ’ল গুৱাহাটীত নতুনকৈ নিৰ্মাণ হোৱা আন এখন উৰণ সেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ  বাবে মুকলি কৰে ৰুক্মিণীগাঁৱৰ নতুন উৰণ সেতুখন।

৪)আৰ্জেন্টিনাৰ পাছতেই ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব।

৫)অৱসৰৰ পাছতো চৰকাৰী বাসগৃহ এৰি যোৱা নাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে। এতিয়া এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ পত্ৰ লিখিছে।