সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীৰ পৰা ভোট চুৰিৰ অভিযোগলৈ দিনটোৰ শীৰ্ষ খবৰ…

Nov 05, 2025 | 10:41 PM

Top 9: আজি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিভিন্ন ঘোষণা কৰে। ঢলা-শদিয়া দলঙৰ সমীপত হাজৰিকাৰ সুউচ্চ প্ৰতিমূৰ্তি স্থাপনৰ কথা কয়।

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে প্ৰভাতী থাওচেন।তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া।

ইফালে আজি অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁ বিজেপি ত্যাগ কৰিছিল। এই সময়চোৱাত তেওঁ বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল।

আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় বিকাশ অসমক। যোৱা ৩১ অক্টোবৰত দিছপুৰ থানাত আত্মসমৰ্পন কৰিছিল তেওঁ। তাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰোপৰি ভোট চুৰি প্ৰসংগটোৱে উত্তাল কৰি ৰাখিছে দেশৰ ৰাজনীতি। কেৱল হাৰিয়ানাত  ২৫ লাখ ভোট চুৰি হোৱাৰ দাবী ৰাহুল গান্ধীৰ।

 

সবিশেষ জানিবলৈ চাওক ভিডিঅ’-