Assam News: পোষ্ট মেলনৰ কনচাৰ্টৰ পৰা বন্দে মাতৰমৰ বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ

Dec 08, 2025 | 10:08 PM

আজি ৮ ডিচেম্বৰ, সোমবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে চাওক পোষ্ট মেলনৰ কনচাৰ্টৰ পৰা বন্দে মাতৰমৰ বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ।

আজি গুৱাহাটীত অনুষ্ঠিত হৈছে পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। কিন্তু শিল্পীগৰাকীৰ অনুষ্ঠান আয়োজনক লৈ দেখা গৈছে ব্যাপক বিতৰ্ক। চৰকাৰৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠান আয়োজন কৰা বুলি উঠা অভিযোগ নাকচ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে কেৱস ফিল্ডখনহে দিছে।

বাহিৰৰ শিল্পীয়ে আহি কনচাৰ্ট কৰাতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অনন্য সুযোগ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে ছাকিৰাক গুৱাহাটীলৈ মাতি ৱাকা ৱাকা গীতটি পৰিৱেশন কৰাৰ মন আছে। গুৱাহাটীক কনচাৰ্টৰ হাব বনোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় শিল্পীসকল আহি থাকিলেহে অসম-গুৱাহাটীৰ নাম হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

যোৰহাটৰ ফাচি আলীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ভস্মীভূত হয় কমেও ৩০ টাকৈ বাসগৃহ। বৈদ্যুতিক চৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। জুইৰ সূত্ৰপাত ঘটাৰ ফলত কমেও তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত পুৱাৰ ভাগলৈ নিৰ্বাপন কৰা হয় জুই।

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয় চলিত বৰ্ষৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা। ১১,২৫০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে স্কুটাৰ। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে শিক্ষা বিভাগৰ বিষয়াসকল। বঁটা লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে।