তামুলপুৰৰ মৰ্টাৰ বিস্ফোৰণৰ পৰা আই পি এললৈ চাওক দিনটোৰ শীৰ্ষ খবৰ

May 17, 2025 | 9:26 PM

তামুলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । শনিবাৰে দুপৰীয়া ম’ৰ্টাৰ বিস্ফোৰণৰ ফলত নিহত হয় এটি কিশোৰ । বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় আন দুজন লোক ।  বিজেপি নেতা বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছৰ । কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে নেতাগৰাকীৰ বিৰুদ্ধে দাখিল এজাহাৰ । চাওক দিনটোৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ।

তামুলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । শনিবাৰে দুপৰীয়া ম’ৰ্টাৰ বিস্ফোৰণৰ ফলত নিহত হয় এটি কিশোৰ । বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় আন দুজন লোক ।
বিজেপি নেতা বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছৰ । কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে নেতাগৰাকীৰ বিৰুদ্ধে দাখিল এজাহাৰ ।
ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কেইবাটাও স্থানত গোপন অভিযান চলাই তিনিগৰাকী মহিলাকে ধৰি কেবাজনো ব্যক্তিক আটক কৰিছে অসম আৰক্ষীয়ে । পুৱালৈকে চলা এই অভিযানৰ উদ্দেশ্যৰ বিষয়ে আৰক্ষীয়ে এতিয়াও বিতংভাৱে প্ৰকাশ কৰা নাই যদিও প্ৰাথমিক চৰ্চা অনুসৰি চাইবাৰ অপৰাধৰ তদন্ত বা সন্ত্ৰাসবাদ বিৰোধী তদন্তৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত লোককেইজনক আটক কৰা হৈছে ।

বিদ্যালয় চৌহদত সময়মতে উপস্থিত নোহোৱাৰ অভিযোগত পাটাছাৰকুছি বিদ্যাপীঠৰ ২৯ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে শিক্ষা বিভাগে । এই ঘটনাই বজালী জিলাৰ স্থানীয় জনসাধাৰণ আৰু শিক্ষক মহলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে । শিক্ষা বিভাগৰ চাডেন ভিজিটৰ সময়ত ধৰা পৰে শিক্ষক উপস্থিত নথকাৰ বিষয়টো ।
বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই গঢ়িলে অভিলেখ । ডোহা ডাইমণ্ড লীগত ৯০ মিটাৰৰ জেভেলিন নিক্ষেপ কৰিছে তেওঁ । যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে ।শনিবাৰে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ সুবিধাৰে নিৰ্মাণ কৰি থকা এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সাজু হ’ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে । চাওক দিনটোৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ।