কেন্দ্ৰৰ বান সাহায্যৰ পৰা লৰ্ডছ টেষ্টলৈ, চাওঁ আহক দিনটোৰ কেইটামান শীৰ্ষ খবৰ
কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত ছখন ৰাজ্যলৈ আৰ্থিক সাহায্য হিচাপে ১,০৬৬.৮০ কোটি টকা প্ৰদানত অনুমোদন জনাইছে। ইয়াৰ অধীনত অসমে লাভ কৰিব ৩৭৫.৬০ কোটি টকা।
চলিত বৰ্ষত বান আৰু ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত ছখন ৰাজ্যলৈ আৰ্থিক সাহায্য হিচাপে ১,০৬৬.৮০ কোটি টকা প্ৰদানত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ অধীনত প্ৰদান কৰা এই সাহায্যৰ লক্ষ্য হৈছে তাৎক্ষণিক সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাক সহায় কৰা। ইয়াৰ অধীনত অসমে লাভ কৰিব ৩৭৫.৬০ কোটি টকা।
ধুবুৰীত আজি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে AIUDF ৰ বিধায়ক সকলে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে ৯ গৰাকী বিধায়কৰ লগতে নেতা-কৰ্মীক।
চাওঁ আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…