হিমন্ত-গৌৰৱৰ বাকযুদ্ধৰ পৰা ‘মন কী বাত অনুষ্ঠান’লৈ…চাওক আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

May 25, 2025 | 8:35 PM

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত দুয়ো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ সৈতে জড়িত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

১) কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২৪ মে’ত গাডকাৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত দুয়োগৰাকী নেতাই অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সন্দৰ্ভত আলোচনা কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ পথ যোগাযোগ নেটৱৰ্কক অধিক শক্তিশালী কৰাৰ উপায় বিচাৰি উলিয়ায়।

২) অব্যাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ। গৌৰৱ গগৈয়ে কয় যে যোৰহাটৰ পৰা মই জয়ী হোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে ৰাজনৈতিক দুৰ্ঘটনা।  বহুতে তেওঁক চানক্য বুলি ভাবিছিল। কিন্তু এতিয়া তেনে পৰিবেশ নাই।