গুৱাহাটীত বায়ুসেনাৰ এয়াৰ শ্ব’,ৰাছিয়াৰ নতুন ঘোষণা… চাওক দিনটোৰ খবৰ…
Top9: আজি গুৱাহাটীত বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব' অনুষ্ঠিত হয়। য'ত হাজাৰ হাজাৰ লোকে বায়ু সেনাৰ যুদ্ধ বিমানৰ কলা-কৌশল প্ৰদৰ্শন কৰে। আজি আছিল বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস।
আজি বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত আয়োজন হয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’। য’ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল হয়।
আজিৰ অনুষ্ঠানত তেজছ, মিগ, ৰাফেল আদিৰ পৰা বহু কেইখন যুদ্ধ বিমানে কলা-কৌশল দেখুয়ায়। অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ সঁহাৰিৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।
ইফালে আজি পুনৰ গোৱালপাৰাত চলে প্ৰশাসনৰ উচ্ছেদ অভিযান। ১৬৮৫ হেক্টৰ মাটিকালিৰে আৱৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলকাৰীৰ কৱলত পৰিছিল। সেই ভূমিত আজি প্ৰশাসনে উচ্ছেদ চলায়। অৱশ্যে ইতিমধ্যেই ৭০ শতাংশ লোক সেই স্থানৰ পৰা গুচি গৈছিল।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
