মুখ্যমন্ত্ৰীৰ মিঞাক সমালোচনাৰ পৰা ভোটাৰ তালিকা জালিয়াতিলৈ… দিনটোৰ শীৰ্ষ খবৰ
চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
আজি বৰক্ষেত্ৰী সমষ্টিত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে ডঃ শৰ্মাই। ৩০,৮০৬ গৰাকী মহিলাক ১০,০০০ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে আন কেবাগৰাকীও নেতা-বিষয়া। বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত ভোটাৰ তালিকা জালিয়াতিৰ বিতৰ্কই জোকাৰিছে ৰাজ্য। ইতিমধ্যে পাঁচজনকৈ বিজেপি নেতা আৰু ডাটা এন্ট্ৰি অপাৰেটৰ বিৰুদ্ধে এজাহাৰ কংগ্ৰেছৰ।
মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। পুনৰ সীমান্তত দেখা গৈছে নগাৰ আগ্ৰাসন। মৰিয়নীৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চল উচন কৰি বস্তি স্থাপনৰ যো-জা অস্ত্ৰধাৰী নগাৰ। বন বিভাগৰ চকুৰ সন্মুখতে দিচৈভেলী বনাঞ্চলৰ সেউজ বনভূমি ধ্বংস কৰিছে নগা দুবৃত্তই। ঐতিহাসিক জোনবিল মেলাৰ আজি অন্তিম দিন। পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই তিনিদিনৰ বাবে অনুষ্ঠিত হৈছিল এই মেলা। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।