Air India: তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান সমস্যালৈ দিনটোৰ শীৰ্ষ খবৰ
বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পি জি আৰ আৰু ভি জি আৰকলৈ অশান্ত কাৰ্বি ভূমি। সোমবাৰে স্বাস্থ্য বিভাগত ৩৪২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি দ্বিতীয় শুনানি অনুষ্ঠিত হয়। ইয়াৰ লগতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত নিৰ্মিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ২৯ ডিচেম্বৰত এই প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰকল্পটোৰ কাম-কাজ যুদ্ধকালীন গতিৰে সমাপ্ত কৰিবলৈ জিলা প্ৰশাসন তথা বিভাগীয় বিষয়াক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি দ্বিতীয় শুনানি অনুষ্ঠিত হয়। ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয় ৭ গৰাকী অভিযুক্তক। শুনানিৰ অন্তত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয় যে ন্যায়ৰ বিষয়ত প্ৰাধান্য থাকিব আৰু উপযুক্ত ন্যায় লাভ কৰিব বুলি তেওঁলোক আশাবাদী। তেওঁ কয় যে অভিযুক্তৰ মুখমণ্ডলত কোনো অনুশোচনাৰ চিন দেখা নাপালে তেওঁ।
বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ অসম চৰকাৰৰ। যোৱা নিশা ১৯ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়াই আৰক্ষী আৰু বিএছএফে। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা আটক কৰা হৈছিল এই বাংলাদেশীকেইজনক। প্ৰতি সপ্তাহত কমেও ৩৫ ৰ পৰা ৪০ জনকৈ বাংলাদেশীক এইদৰে ওভতাই পঠিওৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে।
সোমবাৰে স্বাস্থ্য বিভাগত ৩৪২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে চৰকাৰে ২ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে বৰ্তমানলৈকে ১ লাখ ৪৫ হাজাৰ ৪৪৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছে। টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প, নামৰূপ সাৰ কাৰখানা আৰু ধুবুৰী থাৰ্মেল পাৱাৰ প্ৰকল্প সম্পূৰ্ণ হ’লে কমেও ১০ হাজাৰ প্ৰাৰ্থীয়ে চাকৰি পাব বুলিও দোহাৰে মুখ্যমন্ত্ৰীয়ে।
পশ্চিম কাৰ্বি আংলং জিলাত পি জি আৰ আৰু ভি জি আৰকলৈ সাধাৰণ ৰাইজৰ ক্ষোভ ৷ যোৱা সাতদিন ধৰি খেৰনীৰ ফেলাংপিত অব্যাহত সাধাৰণ ৰাইজৰ ধৰ্ণা কাৰ্যসূচী ৷ কালি কোনো অচিনাক্ত দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই দুৰ্ব্যৱহাৰ কৰাকলৈ ক্ষোভ ৰাইজৰ। আজি ডংকামোকামৰ তুলিৰাম ৰংহাঙৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে তেওঁৰ পুৰণি বাসগৃহত অগ্নিসংযোগ কৰে একাংশ লোকে।
