Assam Flood News: গুৱাহাটীৰ ভূমিস্খলনৰ পৰা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনলৈ দিনটোৰ শীৰ্ষ খবৰ

Jun 07, 2025 | 10:29 PM

অহা ১৯ জুনত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভা নিৰ্বাচন । ইতিমধ্যে বিজেপিয়ে এখন আসনৰ বাবে কনাড পুৰকায়স্থক প্ৰাৰ্থী ঘোষণা কৰিছে । আনখন আসনত প্ৰাৰ্থী আগবঢ়াব মিত্ৰদল অগপই । ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান শীৰ্ষ খবৰ...

শ্বিলং ফুৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা নম্ৰতা বৰাৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মেঘালয় আৰক্ষীক নম্ৰতাৰ মৃত্যুৰ উপযুক্ত তদন্তৰ আহ্বান মুখ্যমন্ত্ৰীৰ । মেঘালয়ৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত হ’ব তদন্ত । সহায় কৰিব অসম আৰক্ষীয়ে ।

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ানক ভূমিস্খলনৰ ঘটনা। মহানগৰীৰ ৰূপনগৰত সংঘটিত এই ভূমিস্খলনৰ ঘটনাত দুটা ঘৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰে । এই লোকজনৰ সন্ধানত উদ্ধাৰ অভিযান চলায় এনডিআৰএফে । অৱশেষত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় লোকজনক ।

অহা ১৯ জুনত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভা নিৰ্বাচন । ইতিমধ্যে বিজেপিয়ে এখন আসনৰ বাবে কনাড পুৰকায়স্থক প্ৰাৰ্থী ঘোষণা কৰিছে । আনখন আসনত প্ৰাৰ্থী আগবঢ়াব মিত্ৰদল অগপই ।

ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান শীৰ্ষ খবৰ…